NORTHEAST NOW (Assamese)
দেশ

পুনৰ বৃদ্ধি ন্যায়িক জিম্মাৰ ম্যাদ: ১৯ ছেপ্টেম্বৰলৈকে কাৰাগাৰতে শিৱসেনা নেতা সঞ্জয় ৰাউট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 5, 2022 12:36 pm
Sanjay Raut

পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰিছে মুম্বাইৰ এখন বিশেষ আদালতে। আজি আদালতে শিৱসেনাৰ নেতাগৰাকীক ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

সঞ্জয় ৰাউটৰ অধিবক্তাই আজি আদালতক এতিয়ালৈকে জামিনৰ বাবে আবেদন দাখিল কৰা নাই বুলি জানিবলৈ দিয়াৰ পিছতে আদালতে পুনৰ জিম্মাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লয়।

আনহাতে গোচৰটোৰ তদন্ত কৰি থকা কেন্দ্ৰীয় তদন্ত সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ন্যায়িক জিম্মাৰ সম্প্ৰসাৰণ বিচাৰি আদালতক পুনৰ আবেদন জনাইছিল।

আদালতে শুনানিৰ সময়ত শিৱসেনাৰ সাংসদ গৰাকীক কিছু সংসদী প্ৰপত্ৰত স্বাক্ষৰ কৰিবলৈ অনুমতি দিয়ে যদিও ইয়াৰ প্ৰতিলিপি আদালত আৰু তদন্তকাৰী সংস্থাটোৰ হাতত প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে যোৱা ১ আগষ্টতে ৰাউটক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি) উপনগৰীয় গোৰেগাঁৱত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

প্ৰথমে আঠ দিনৰ বাবে সাংসদগৰাকীক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

এই জিম্মা শেষ হোৱাৰ পিছত যোৱা ২২ আগষ্টত পুনৰ ৫ ছেপ্টেম্বৰলৈকে ম্যাদ বৃদ্ধি কৰিছিল আদালতে।

ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন কেইজনমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওলৰ বিত্তীয় অনিয়মৰ অভিযোগ তুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলাইছিল।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে গোচৰটোৰ তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰাৰ লগতে গোচৰটোৰ তদন্ত এতিয়াও চলি আছে বুলি আদালতৰ মজিয়াত উল্লেখ কৰে।