NORTHEAST NOW (Assamese)
অসম

হোজাইৰ শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ত বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন

Posted by: নিখিল মুন্দ্ৰা January 10, 2019 7:48 pm
IMG-20190110-WA0010

আজি ১০ জানুৱাৰি বৃহস্পতিবাৰে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা বিকশিত কৰিবলৈ হোজাইৰ শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ে ইয়াৰ চৌহদত এটা বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰিছে।

বিজ্ঞান প্ৰদৰ্শনীৰ উদ্বোধনী দিনত এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ সচিব (প্ৰশাসন) জ্যোতি কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কৰিমগঞ্জ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক নিৰ্মল সৰকাৰ, নগাঁওৰ এডিপি কলেজৰ জীৱ বিজ্ঞানৰ অধ্যাপক সুৰঞ্জন ভৱাল, হোজাই মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক শুভজিৎ চক্ৰবৰ্তী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উক্ত সভাখনত সভাপতিত্ব কৰিছিল হোজাই মহাবিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সমাজকৰ্মী প্ৰদীপ বাকচীয়ে।

সভাত উপস্থিত প্ৰতিগৰাকী বক্তাই নিজৰ নিজৰ অভিজ্ঞতা শ্ৰোতাসকলৰ সৈতে বিনিময় কৰে। উদ্বোধনী সভা সমাপ্ত হোৱাৰ পাছত মুখ্য অতিথি জ্যোতি কলিতাই বিজ্ঞান প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰদৰ্শনীত মুঠ ৫খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা  বিদ্যালয়কেইখন হৈছে ৰবীন্দ্ৰ বিদ্যালয় হাইস্কুল, মৰ্নিং গ্লৰি হাইস্কুল, দেশবন্ধু ছোৱালী হাইস্কুল, কেএমকে মেমোৰিয়েল একাডেমী আৰু জ্ঞানদীপ একাডেমী। শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তপন কৰে কাৰ্যসূচীটোৰ উদ্দেশ্য জনায়।
তেওঁ কয়, ‘‘আমাৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলা।  পৰ্যাপ্ত সঁজুলি, সা-সুবিধা আৰু আন্তৰ্গাঁথনিৰ অভাৱত যি সকল ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভা প্ৰদৰ্শন কৰিব পৰা নাই সেই সকলক বিনামূলীয়াকৈ সঠিক সুবিধা প্ৰদান কৰাৰ বাবে উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।’’

অধ্যক্ষ কৰে আৰু কৈছে, ‘‘আমি এটা বিজ্ঞান ক্লাব আৰু গৱেষণাগাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছোঁ, য’ত, যিকোনো বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সপ্তাহৰ শেষত আৰু অন্য বন্ধৰ দিনত পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব।’’