NORTHEAST NOW (Assamese)
ক্ৰীড়া

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 7, 2025 9:17 pm
সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে সংযোগ গুপ্তাক নতুন চিইঅ হিচাপে নিযুক্তি দিছে। ইয়াৰ লগে লগে তেওঁ আইচিচিৰ সপ্তম চিইঅ হিচাপে পৰিগণিত হৈছে।

এই তথ্য দি আই চি চিয়ে কয় যে সংযোগ গুপ্তা সংবাদ মাধ্যম, মনোৰঞ্জন আৰু ক্ৰীড়া জগতৰ এজন সন্মানীয় ব্যক্তি। বিভিন্ন ক্ষেত্ৰত দুটা দশকৰ অভিজ্ঞতাৰে আই চি চিলৈ আহিছে।

ইয়াৰ পূৰ্বে সংযোগ গুপ্তাই জিঅষ্টাৰৰ চিইঅ-স্পৰ্টছ হিচাপে কৰ্মৰত আছিল।

সংযোগ গুপ্তাৰ নিযুক্তি সন্দৰ্ভত আইচিচিৰ অধ্যক্ষ জে শ্বাহে কয় যে সংযোগ গুপ্তাক আইচিচিৰ চিইঅ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰি সুখী হৈছো।

সংযোগ ৰ ক্ৰীড়া আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতা আছে, যিটো আইচিচিৰ বাবে উপকাৰী হব।

সংযোগ সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০১০ চনত তেওঁ ষ্টাৰ ইণ্ডিয়া (বৰ্তমান জিঅষ্টাৰ)ত যোগদান কৰে আৰু ইয়াত বহু ভূমিকা পালন কৰে।২০২৪ চনৰ নৱেম্বৰ মাহত তেওঁক জিঅ’ষ্টাৰ স্প’ৰ্টছৰ চিইঅ’ হিচাপে নিযুক্তি দিয়া হৈছিল।