NORTHEAST NOW (Assamese)
অসম

ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে চাপানলাত

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা February 26, 2020 8:56 pm

ৰোগীক এম্বুলেঞ্চৰ অভাৱত নগাওঁ জিলাৰ চাপানলাত ঠেলাত কঢ়িয়াব লগা হৈছে।

বৃহত্তৰ চাপানলাত এখন ৰাজ্যিক চিকিৎসালয়ো আছে, আছে এখন এম্বুলেঞ্চ, কিন্তু চিকিৎসালয়ৰ পৰিৱেশ দেখিলে আপোনাৰো চকু কপালত উঠিব।

চিকিৎসালয়ৰ চৌহদৰ এটা কোণত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এম্বুলেঞ্চখন। বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈছে এম্বোলেঞ্চখন।

যাৰ বাবে এতিয়া ৰোগীৰ আত্মীয়ই চিকিৎসালয়লৈ ৰোগীক আনিব লগীয়া হৈছে ঠেলাগাড়ীত।

আনহাতে চিকিৎসালয়খনৰ পৰা ৰোগীক নিবলৈও ব্যবহাৰ কৰিব লাগীয়া হৈছে তেনে ধৰণৰ ঠেলা।

স্থানীয় ৰাইজে ইয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে আৰু পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।