NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ ‘বীৰংগনা’ৰ ওপৰত তথ্যচিত্ৰৰ শ্বুটিঙৰ বাবে গুৱাহাটীত বলীউদ তাৰকা ছাৰা আলী খান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2021 2:41 pm
E59T05tVoAEDsjc-750x375

বলীউদৰ তাৰকা অভিনেত্ৰী ছাৰা আলী খান শনিবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে।

অভিনেত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এখন তথ্যচিত্ৰৰ বাবে গুৱাহাটীলৈ আহিছে।

উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নত তথ্যচিত্ৰখনৰ শ্বুটিং হৈছে।

E5_ZhwZUYAActp7-scaled

তথ্যচিত্ৰখনত ছাৰা আলী খানে এগৰাকী ‘বীৰংগনা’ৰ ভূমিকা ৰূপায়ন কৰিছে।

শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নৰ বিষয়াসকলৰ সৈতে ভাৱ বিনিময় কৰে।

 

ছাৰাই আন ‘বীৰংগনা’সকলৰ সৈতে প্ৰশিক্ষণতো অংশ লয়।

অসমত মহিলাৰ বিৰুদ্ধে বৰ্দ্ধিত অপৰাধৰ মোকাবিলা কৰা বীৰংগনা হৈছে ভাৰতৰ প্ৰথম E5_Q2K0UUAICQzeমহিলা কমাণ্ডো গোট।

E5_4ZeJVUAEKCnO

দেওবাৰে ছাৰা আলী খানে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত বিশ্ববিখ্যাত কামাখ্যা মন্দিৰো দৰ্শন কৰে।