NORTHEAST NOW (Assamese)
Popular Stories

চিনেমা নহয়, দেউতাক ছঈফৰ স’তে হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতে ছাৰাই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 6:08 pm

চিনেমা নহয়, দেউতাকৰ লগত হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতে অভিনেত্ৰী ছাৰা আলী খানে।

দেউতাক আন কোনো নহয়, তেওঁ হৈছে বলিউদৰ ছুপাৰষ্টাৰ ছঈফ আলী খান।

ফেব্ৰুৱাৰী মাহৰ এখন ফেশ্বন আলোচনীৰ এটা সাক্ষাৎকাৰত ছাৰাই দেউতাকৰ স’তে থকা সম্পৰ্কৰ কথা বিষদদভাৱে বৰ্ণনা কৰে।

মূলতঃ বুৰঞ্জীৰ কথা পাতি ভাল পায় দুয়োৱে। ইয়াৰ উপৰিও বিভিন্ন ঠাইৰ খাদ্য, লোকসংস্কৃতি, মিউজিয়াম, সংগীত আৰু খেলতো তেওঁলোকৰ ৰাপ আছে।

ছাৰাই কয় শেহতীয়াকৈ বাপেক-জীয়েক দুয়ো ইটালীলৈ  ফুৰিবলৈ যাওতেও দুয়োৱে চিনেমা অথবা বলিউদৰ কথাতকৈ হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতিছিল।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ছঈফ আলী খান দ্বিতীয় সন্তানৰ পিতৃত্ব লাভ কৰিছে। ইয়াৰ উপৰিও ‘আদৰ্শপুৰুষ’ নামৰ চিনেমাখনতো তেওঁক ‘বাহুবলী’খ্যাত প্ৰভাসৰ স’তে দেখা যাব।

আনহাতে ছাৰা ব্যস্ত আছে ‘আটৰাংগী ৰে’ নামৰ চিনেমাখনৰ কামত, য’ত অক্ষয় কুমাৰ আৰু ধনুসকো দেখা পোৱা যাব।