NORTHEAST NOW (Assamese)

অমিত শ্বাহ সুবিধাবাদী আৰু দুমুখীয়া নীতিৰ নেতা : সদৌ অসম বেংগলী ঐক্য মঞ্চ

September 30, 2018 7:27 pm · ৰিনয় বসুমতাৰী
Updated: September 30, 2018 7:41 pm
ফটো : নৰ্থ-ইষ্ট নাও

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ বেংগলী সম্প্ৰদায়ক আঙুলি টোৱাই কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ অসম বেংগলী ঐক্য মঞ্চই। আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সদৌ অসম বেংগলী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়ে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি দৰাচলতে সুবিধাবাদী আৰু দুমুখীয়া নীতিৰ।

এফালে হিন্দু বাংলাদেশী সকলক অসমত বৰপীৰা পাৰি দিব বিচাৰিছে আৰু আনফালে এন আৰ চিৰ নামত অসমৰ বেংগলী সকলক হাৰাশাস্তি চলোৱা হৈছে বুলি ঘোৰ অভিযোগ উত্থাপন কৰে শান্তনু মুখাৰ্জীয়ে।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) অসমত জাপি দিবলৈ বিচৰাটো একপ্ৰকাৰ ললিপপহে বুলি কটাক্ষ কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে অসমত এন আৰ চিক লৈ আমাৰ কোনো বিৰোধিতা নাই কিন্তু প্ৰকৃত নথিপত্ৰ থকাৰ পিছতো যদি কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি চলোৱা হয় তেন্তে তেনে কাৰ্যক কোনো পধ্যেই মানি লোৱা নহ’ব।

তেওঁ লগতে অসমত কিছু অশুভ শক্তিয়ে এন আৰ চিৰ নামত বিসংগতি সৃষ্টি কৰি বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন অনাৰ গভীৰ চক্ৰান্তত লিপ্ত হৈ সাতামপুৰুষীয়া ভাতৃত্ববোধত কূঠাৰঘাত কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

উল্লেখ্য যে সদৌ অসম বেংগলী ঐক্য মঞ্চই বঙাইগাঁও জিলাৰ ৩৫ নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ ঘিলাগুৰি খণ্ড দ্বিতীয় নং গাঁৱৰ নিবাসী নেপাল মণ্ডলক বিদেশী ন্যায়াধিকৰণে স্বদেশী বুলি ৰায়দান দিয়াৰ বিপৰীতে তেওঁৰ পুত্ৰ সন্তান নিৰঞ্জন মণ্ডল (৪৩)ক ডি ভোটাৰ সঁজাই ডিটেনশ্যন কেম্পত আৱদ্ধ কৰি ৰখা বুলি তথ্যসহ উদাহৰণ দাঙি ধৰে।

সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰশংসা কৰি সদৌ অসম বেংগলী ঐক্য মঞ্চৰ শান্তনু মুখাৰ্জীয়ে বি টি এ ডিৰ বেংগলী সম্প্ৰদায়ৰ লোকক হাগ্ৰামা মহিলাৰীৰ দৰে জননেতা এজনে মৰম কৰা বাবেহে অসমত কেন্দ্ৰীয় চৰকাৰে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কৌশলগত সমৰ্থন দিয়া বুলি এক তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

আজিৰ সংবাদমেলত সদৌ অসম বেংগলী ঐক্যমঞ্চৰ কাৰ্যকৰী সদস্য অম্ৰিতলাল দাস, চিৰাং আৰু বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ক্ৰমে দীপাংকৰ দাস আৰু মন্তোষ মণ্ডল উপস্থিত থাকে।

Related News