NORTHEAST NOW (Assamese)
অসম

দেশৰ ৮খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি; মিজোৰাম আৰু ত্ৰিপুৰাতো আহিল নতুন ৰাজ্যপাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2021 3:43 pm
Satyadev-Narayan-Arya-for-Tripura-1024x512

দেশৰ মঙলবাৰে মুঠ ৮খন ৰাজ্যত একেলগে নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। সেই অনুসৰি, কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু হাৰিয়ানাত নতুন ৰাজ্যপাল নিযুক্তি দিছে।

দেশৰ আঠখন ৰাজ্যৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম আৰু ত্ৰিপুৰায়ো নতুন ৰাজ্যপাল লাভ কৰিছে।

ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে হৰি বাবু কামভাম্পতিক মিজোৰামৰ আৰু সত্যদেৱ নাৰায়ন আৰ্যক ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিছে।

,সত্যদেৱ নাৰায়ন আৰ্য ত্ৰিপুৰাৰ ১৯তম ৰাজ্যপাল হ’ব। তেওঁ ৰমেশ বেইছৰ স্থানত ৰাজ্যপালৰ দায়িত্ব ল’ব। ৰমেশ বেইছক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৰি বাবু কামভাম্পতি হৈছে অন্ধ্ৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি আৰু বিশাখাপট্টনমৰ এগৰাকী প্ৰাক্তন সাংসদ।

ইপিনে, ছ’চিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেন্ট বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱাৰ চন্দ গেহলটক কৰ্ণাটকৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে।

হাৰিয়ানাৰ নতুন ৰাজ্যপাল হ’ল বান্দাৰু দত্তত্ৰেয়া।  হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব দিয়া হৈছে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক। সেইদৰে, মধ্যপ্ৰদেশত মংগুভাই চগনভাই, আৰু গোৱাত পিএছ শ্ৰীধৰণ পিল্লাইক নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ,