NORTHEAST NOW (Assamese)

সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই ছৌদিত! বাহাল আছে পূৰ্বৰ নিষেধাজ্ঞা

May 26, 2025 8:47 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছিল যে ২০২৬ চনৰ ভিতৰত ছৌদি আৰৱে পৰ্যটকক অকৰ্ষিত কৰিবৰ বাবে সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰিছে। এই বাতৰিৰ প্ৰতিক্ৰীয়া প্ৰাকাশ কৰি ছৌদি আৰৱ প্ৰশাসনে স্পষ্ট কৰি দিছে যে ছৌদি আৰৱত সুৰা বিক্ৰীৰ নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই।

উল্লেখ্য যে সাত দশকৰো অধিক সময় ধৰি ছৌদি আৰৱত সুৰা বিক্ৰী আইনগতভাৱে নিষিদ্ধ হৈ আহিছে। শেহতীয়াকৈ ছৌদি আৰবে সুৰা বিক্ৰীৰ ক্ষেত্ৰত থকা কঠোৰ নিষেধাজ্ঞা শিথিল কৰাৰ দিশত আগবাঢ়িছে বুলি উৰাবাতৰি বিয়পি পৰিছে। এই তথ্য ৰাজহুৱা হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি হয়। এনে পৰিপ্ৰেক্ষিতত ছৌদি প্ৰশাসনৰ এজন বিষয়াই ৰয়টাৰ সংবাদ সংস্থাক জনাইছে যে ছৌদি আৰৱৰ মদ্যপানৰ নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো পৰিকল্পনা নাই।

ছৌদি আৰৱৰ অৰ্থনৈতিক প্ৰতিদ্বন্দ্বী দুখন  সংযুক্ত আৰব এমিৰেট আৰু বাহৰেইনে পৰ্যটকৰ জনপ্ৰিয় অঞ্চলত মদৰ বিক্ৰী বৈধ কৰি তুলিছে। যাৰ বাবে সেই দেশ দুখন কোষাগাৰো ভৰি পৰিছে। চুবুৰীয়া দেশসমূহে মদ্যপানৰ বিক্ৰীৰ নিয়ম শিথিল কৰাৰ বিপৰীতে ছৌদি আৰৱে ইয়াৰ অনুসৰণ কৰা নাই।

প্ৰসংগ ক্ৰমে ২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজক ছৌদি আৰ। সেই সময়ত চৌদি আৰৱসমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীয়ে ভীৰ কৰিব। ফুটবল বিশ্বকাপ আয়োজন কৰাটো যিকোনো দেশৰ বাবে অৰ্থনৈতিকভাৱে অতি লাভজনক। এই পৰিৱেশত ফুটবল বিশ্বকাপৰ আয়োজনৰ কথা মনত ৰাখি ছৌদি প্ৰশাসনে সুৰা বিক্ৰীৰ নিষেধাজ্ঞা আংশিকভাৱে শিথিল কৰা বুলি উৰাবাতৰি প্ৰচাৰ হৈছে বুলি অনুমান কৰা হৈছে

বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ স্বাৰ্থত ছৌদি প্ৰশাসনে মদ বিক্ৰীৰ কঠোৰ নিয়ম শিথিল কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও চৌদি প্ৰশাসনে ২০২৬ চনৰ ভিতৰত পৰ্যটকৰ মাজত জনপ্ৰিয় ৬০০ স্থানত এই নিষেধাজ্ঞা ক্ৰমান্বয়ে উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলিও চৰ্চা চলিছে।কিন্তু পূৰ্বৰ দৰেই অন্যান্য ক্ষেত্ৰতো এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। অৱশ্যে সেই দাবী খাৰিজ কৰিছে ছৌদি প্ৰশাসনে। ছৌদি বিষয়াগৰাকীয়ে ৰয়টাৰক জনোৱা মতে, সুৰা বিক্ৰীৰ নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

Related News