NORTHEAST NOW (Assamese)
Popular Stories

প্ৰথমবাৰ ভোটদান কৰিলে প্ৰিয়ংকা গান্ধীৰ দুই সন্তানে! পুত্ৰৰ মুখত সংবিধান,মূল্যবৃদ্ধি,চাকৰিৰ প্ৰসংগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2024 1:32 pm

ভোটদান সম্পন্ন কৰিলে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ দুই সন্তানে৷ লোকসভা নিৰ্বাচনত ভোটদান কৰাৰ পাছত পুৱাৰ ভাগত দুয়োৰে মুখত ৰাজনৈতিক কথা-বতৰা শুনা গ’ল। ৰাহুল গান্ধীৰ ভতিজা তথা ছোনিয়া গান্ধীৰ কন্যাৰ নাতি ৰেহানে কয় যে এই নিৰ্বাচনত তেওঁৰ বাবে ইছ্যু আছিল সামগ্ৰীৰ দাম বৃদ্ধি, চাকৰি আৰু সংবিধানৰ মৰ্যাদা ৰক্ষা৷

প্ৰসংগক্ৰমে তেওঁলোকৰ আগত মাতৃ প্ৰিয়ংকা গান্ধীয়ে ভোট দিছিল। দিল্লীৰ লোধি বাগিচাৰ অটল আদৰ্শ স্কুলত ভোটদান কৰিছিল ৰেহান আৰু তেওঁৰ ভগ্নী মীৰায়া ভাদ্ৰাই। ৰেহানে ক’লে, এই সাধাৰণ নিৰ্বাচনত মই প্ৰথমবাৰৰ বাবে ভোট দিলোঁ। ইয়াৰ পূৰ্বে মই দিল্লী বিধানসভা নিৰ্বাচনত প্ৰথম ভোটদান কৰিছিলোঁ।

ৰাজনীতিৰ তেজ থকা ৰেহানে লগতে কয়, গণতন্ত্ৰ ৰক্ষাৰ এই যুঁজত দেশৰ উন্নয়ন আৰু নিবনুৱা সমস্যা মোৰ বাবে অন্যতম বিষয়। ব্যক্তিগতভাৱে মই ভাবো এই নিৰ্বাচনৰ ডাঙৰ বিষয়টো হ’ল দেশৰ সংবিধান ৰক্ষা৷

ৰেহানে সকলোকে আহ্বান জনাই কয় যে, এইবাৰৰ ভোট অতি গুৰুত্বপূৰ্ণ। দেশৰ সংবিধান সংৰক্ষণৰ বাবে আৰু ইতিবাচক পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ সকলো যুৱক-যুৱতীলৈ আহ্বান জনাইছো।