NORTHEAST NOW (Assamese)
অসম

“প্ৰকৃতি আৰু মানৱতা ৰক্ষা”, সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিও- এ মুহিছে জনতাৰ মন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2021 3:58 pm
"Saving Nature and Humanity" a video viral on social media

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটি সৰু ভিডিও। এই সৰু ভিডিওটোৱে মুহিছে জনসাধাৰণৰ মন।

এটা হাতীৰ পোৱালীক মাকৰ সৈতে পুনৰ মিলিত কৰাৰ এক হৃদয়স্পৰ্শী ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাৰ ফলত বহুতো লোক আৱেগিক হৈ পৰিছে।

ভাৰতীয় বন বিষয়া সুধা ৰমেনৰ এটা টুইট অনুসৰি তামিলনাডুৰ এটা বনৰক্ষীৰ দলে আঘাতপ্ৰাপ্ত হাতী পোৱালীটো উদ্ধাৰ কৰে আৰু তাৰ পিছত পোৱালীটোক সুৰক্ষিতভাৱে ইয়াৰ মাকৰ ওচৰলৈ লৈ যায়।

#Hope #Happiness হেচটেগৰ সৈতে শ্বেয়াৰ কৰা ৪৫ ছেকেণ্ডৰ ভিডিও ক্লিপটোত হাতী পোৱালীটোক উদ্ধাৰকাৰী দলৰ সৈতে খোজ কাঢ়ি গৈ থকা দেখা গৈছে।

টুইটাৰত শ্বেয়াৰ কৰা সৰু ভিডিওটোৰ সৈতে বন বিষয়া সুধাই লিখে, “এই সৰু পোৱালীটোৱে আনন্দেৰে তামিলনাডু বনৰ বনকৰ্মী দলৰ Z+ নিৰাপত্তাৰে সুৰক্ষিত হৈ মাতৃৰ সৈতে পুনৰ মিলিত হ’বলৈ খোজ কাঢ়ে। পোৱালীটো অকলশৰীয়া অৱস্থাত পোৱা গৈছিল আৰু আঘাতপ্ৰাপ্ত আছিল। তামিলনাডু বনৰক্ষীৰ দলে কণমানিটোক উদ্ধাৰ কৰি চিকিৎসা কৰে আৰু মাকৰ সৈতে মিলিত কৰিবলৈ লৈ যায়।”

 

সুধাৰ এই সৰু ভিডিওটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অনলাইনত শ্বেয়াৰ কৰাৰ পিছত ক্লিপটো ১০,০০০ ৰো অধিক লোকে দৰ্শন কৰিছে।

বন বিষয়াসকলক এই কৰ্মৰ বাবে বহুলোকে প্ৰশংসা কৰিছে।

ভাইৰেল ক্লিপটোৰ সম্পৰ্কত বিভিন্নজনে মন্তব্য কৰিছে। তাৰে এজনে লিখিছে, “বন ৰক্ষীৰ ওপৰত হাতী পোৱালীটোৰ বিশ্বাসে আমাক বিশ্বব্ৰহ্মাণ্ডত ইতিবাচকতাৰ শ্ৰেষ্ঠতাত বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰে।”