NORTHEAST NOW (Assamese)
অসম

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে “ষড়যন্ত্ৰ”ত প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণক জৰিত কৰা আবেদন অগ্ৰাহ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2019 5:33 pm
SC bench rejects petition accusing Bhushan in Ranjan Gogoi case

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত “যৌন নিৰ্য্যাতন” কাণ্ডত প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণ জৰিত বুলি দাবী কৰা এক আবেদন মঙলবাৰে নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আদালততে ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখন দাখিল কৰিছিল এম এল শৰ্মা নামৰ অধিবক্তা এজনে।

“এই বিচাৰপীঠত নহয়, আন বিচাৰপীঠত দাখিল কৰক,” আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি এই মত মুখ্য ন্যায়াধীশ গগৈৰ।

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে “যৌন নিৰ্য্যাতন”ৰ অভিযোগৰ আঁৰত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ থকা বুলি নিজেই “স্বীকাৰ” কৰা বুলি আবেদনখনত প্ৰকাশ কৰিছিল আবেদনকাৰী শৰ্মাই।

অধিবক্তা শৰ্মাই এই কথা উল্লেখ কৰাৰ লগে লগে মুখ্য ন্যায়াধীশে এই মত দিয়ে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ অধিবক্তা ভূষণে দাবী কৰিছিল যে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে “ষড়যন্ত্ৰ”ৰ দাবী কৰি শপতনামা দাখিল কৰা অধিবক্তা উৎসৱ বেইনছে শপতনামা দাখিলৰ পূৰ্বে মুখ্য ন্যায়াধীশক “দুবাৰ” সাক্ষাৎ কৰিছিল।

Wire নামৰ নিউজ পৰ্তেলটোৰ সৈতে শেহতীয়া এটা সাক্ষাৎকাৰত ভূষণে এই দাবী কৰিছিল।

ভূষণৰ দাবী ইতিমধ্যেই পোনচাতে নাকচ কৰিছে অধিবক্তা বেইনছে।