NORTHEAST NOW (Assamese)
অসম

আঠখন ৰাজ্যত হিন্দুৰ ‘সংখ্যালঘু’ৰ মৰ্যাদা বিচাৰি জনোৱা আবেদন উচ্চতম ন্যায়ালয়ত খাৰিজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2020 6:34 pm
supreme-court_of_India-570x320-750x375

আঠখন ৰাজ্যত হিন্দুৰ ‘সংখ্যলঘু’ মৰ্যাদা বিচাৰি জনোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন (পি আই এল) বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

সৰ্বোচ্চ আদালতখনে যিবোৰ ৰাজ্যত হিন্দু সংখ্যালঘু সেই ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ আবেদনকাৰীক নিৰ্দেশ দিয়ে।

ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত হিন্দুক সংখ্যালঘুৰ মৰ্যাদা বিচৰা আঠখন ৰাজ্য হৈছে- কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ (২.৫ শতাংশ), মিজোৰাম(২.৭৫ শতাংশ), নাগালেণ্ড (৮.৭৫ শতাংশ), মেঘালয়(১১.৫৩ শতাংশ), জম্মু ও কাশ্মীৰ (২৮.৪৪ শতাংশ), অৰুণাচল প্ৰদেশ (২৯ শতাংশ), মণিপুৰ (৩১.৩৯ শতাংশ) আৰু পাঞ্জাৱ(৩৮.৪০ শতাংশ)।

এই ৰাজ্যসমূহত শিক্ষা আৰু চৰকাৰী চাকৰিত সুবিধা বিচাৰি দিল্লী বিজেপিৰ নেতা অশ্বিনী উপাধ্যায়ে আবেদনখন দাখিল কৰিছিল।

আদালতখনে অৱশ্যে, আবেদনকাৰীক তেওঁৰ আকাংক্ষিত পৰিৱৰ্তনসমূহ বিচাৰি এক উপযুক্ত মঞ্চত উপস্থাপন কৰিবলৈ কয়।

আদালতে আবেদনকাৰীৰ বাবে কোনো নিৰ্দিষ্ট তাৰিখ নিৰ্দ্ধাৰণ কৰা নাই যদিও তেওঁক বিষয়টো উপযুক্ত কৰ্তৃপক্ষৰ আগত উত্থাপন কৰিবলৈ কোৱা হয়।

আনকি ইয়াৰ পূৰ্বেও এগৰাকী আবেদনকাৰীয়ে দাবী কৰিছিল যে ৰাজ্যৰ সংখ্যগুৰু সম্প্ৰদায়ে যাক সংবিধানত ‘সংখ্যালঘু’তালিকাত ৰাখিছে তেওঁলোকে সাংবিধানিক সা-সুবিধাসমূহ লাভ কৰি আছে।

যোৱা ডিচেম্বৰত আদালতে মন্তব্য কৰিছিল যে এটা সম্প্ৰদায়ক এক ‘সংখ্যালঘু’ হিচাপে ঘোষণা কৰাটো আদালতৰ নহয়, সেয়া চৰকাৰৰহে দায়িত্ব।

লোকপিয়ল অনুসৰি, এই ৰাজ্যকেইখনত হিন্দুসকল হৈছে সংখ্যালঘু।