NORTHEAST NOW (Assamese)
অসম

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 10, 2022 7:50 pm

এখন নহয়, দুখন নহয় দেশৰ কেইবাখনো ৰাজ্যত হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে বিজেপিৰ
বহিষ্কৃত নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।সেই গোচৰসমূহ একত্ৰিত কৰি দিল্লীলৈ অনাৰ বাবে নুপুৰ শৰ্মাই উচ্চতম ন্যায়ালয়কত আবেদন জনাইছিল।

আজি উচ্চতম ন্যায়ালয়ে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি বিৰুদ্ধে দেশৰ বিভিন্ন থানাত নুপুৰ শৰ্মাৰ বিৰুদ্ধে থকা সকলো গোচৰ একেলগ কৰি দিল্লীলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে। পশ্চিম বংগ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু অসম আৰক্ষীয়ে বহিষ্কৃত বিজেপি নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

নুপুৰে সকলো গোচৰতে তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। নুপুৰে সকলো গোচৰ একেলগে সংযুক্ত কৰিবলৈও আবেদনত উল্লেখ কৰিছিল। বহিষ্কৃত বিজেপি নেতাগৰাকীয়ে কৈছিল যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ।

সেয়েহে তেওঁ বিভিন্ন ৰাজ্যলৈ গৈ আইনীভাৱে যুঁজ দিয়াটো সম্ভৱ নহয়। নুপুৰ শৰ্মাই দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কয় যে যিবোৰ ৰাজ্যত গোচৰ ৰুজু কৰা হৈছে সেইবোৰ গোচৰ দিল্লীলৈ স্থানান্তৰ কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে যে বিৰোধী শাসিত ৰাজ্যসমূহৰ আৰক্ষীয়ে আৰু নুপুৰৰ গোচৰৰ তদন্ত কৰিব নোৱাৰিব। তেওঁ আনকি দিল্লীৰ বাহিৰৰ আন ৰাজ্যতো গোচৰৰ বাবে উপস্থিত হ’ব নালাগিব।

হজৰত মহম্মদ বিৰুদ্ধে তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে নুপুৰক দলৰ পৰা নিলম্বিত কৰা হৈছিল। অৱশ্যে নুপুৰৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত বিক্ষোভ তথা হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাক কৈছিল যে “দেশত যি ঘটি আছে তাৰ বাবে তেওঁৱেই একমাত্ৰ দায়ী”। তদুপৰি উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাক দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি মন্তব্য কৰিছিল।