NORTHEAST NOW (Assamese)
অসম

টে’ট পৰীক্ষাৰ সময়সূচী আৰু নিয়মাৱলী ঘোষণা; একে দিনাই দুবেলাত হ’ব দুটা পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2019 9:02 am
Assam-TET-statement

অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া টে’ট পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে নিজৰ উত্তৰ কাকতত স্বাক্ষৰ কৰিব লাগিব। অন্যথা প্ৰাৰ্থীজন অনুপস্থিত বুলি ধৰা হ’ব।

ছেবাৰ কাৰ্য্যালয়ত টে’ট পৰীক্ষাৰ বিভিন্ন দিশৰ আলোচনা কৰিবলৈ পতা এখন বৈঠকত এই নীতিকে ধৰি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা বিভাগে।

বৈঠকৰ সিদ্ধান্ত মৰ্মে, পৰীক্ষাকেন্দ্ৰবোৰত নিম্ন প্ৰাথমিক পৰীক্ষা আৰম্ভ হ’ব পুৱা ৮.৩০ বজাত আৰু উচ্চ প্ৰাথমিক পৰীক্ষা আৰম্ভ হ’ব ১২.৩০ বজাৰ পৰা।

পৰীক্ষা কেন্দ্ৰবোৰৰ নিৰাপত্তাৰ দায়িত্ব থাকিব জিলাৰ উপায়ুক্ত, মহকুমাধিপতি আৰু আৰক্ষীৰ থানাসমূহৰ হাতত।

বিজেপিৰ চৰকাৰখনে অনুষ্ঠিত কৰিব লদীয়া এইটো প্ৰথম টে’ট পৰীক্ষা হ’ব। পৰীক্ষাত যাতে কোনো খেলিমেলি নহয় আৰু বিতৰ্কৰ অৱকাশ থাকি নাযায় তাৰ বাবে যত্ন কৰিব চৰকাৰখনে।

পূৰ্বে কংগ্ৰেছ চৰকাৰখনে ২০১২ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত নিকাকৈ টে’ট পৰীক্ষা অনুষ্ঠিত কৰি হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীক শিক্ষকৰ পদত নিযুক্তি দি শিক্ষা বিভাগটোলৈ এটা ইতিবাচক পৰিৱৰ্তন আনিছিল।

বৰ্তমান ৰাজ্যখনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত মুঠ ১৭,২৯২টা পদ খালী হৈ আছে৷ ইয়াৰ ১০,১৩৭টা নিম্ন প্ৰাথমিকত আৰু ৭,১৫৫টা উচ্চ প্ৰাথমিকত খালী হৈ আছে।