NORTHEAST NOW (Assamese)

ক’ৰ’ণাতংকৰ বাবেই এইখন ৰাজ্যত বন্ধ কৰি দিয়া হ’ল সকলো বিদ্যালয়

March 22, 2021 9:48 am · এন ই নাও নিউজ
Updated: March 22, 2021 10:20 am

দেশত পুনৰ ক’ৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত এতিয়া হাজাৰ হাজাৰ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

এনে সময়তে সতৰ্কতামূলক ব্যৱস্থা হিচাবে ছট্টিশগড়ৰ চৰকাৰে ৰাজ্য খনৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ কৰি দিছে।

ছট্টিশগড়ৰ মন্ত্ৰী ৰবীন্দ্ৰ চুবেই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে শিক্ষাৰ্থীৰ স্বাস্থ্যকলৈ চৰকাৰে কোনো ধৰণৰ আপোচ কৰিব বিচৰা নাই।

সেইবাবেই ৰাজ্য খনৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাৰ পিছত যোৱা ১৫ ফেব্ৰুৱাৰীত ছট্টিশগড়ৰ চৰকাৰে ৰাজ্য খনত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰাৰ অনুমতি দিছিল।

কিন্তু দেশত পুনৰ ক’ৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে ছট্টিশগড়ৰ চৰকাৰে পুনৰ বিদ্যালয় সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য দেশত শেহতীয়াকৈ কোভিডত বহু লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই চাৰিমাহৰ অভিলেখ ভংগ কৰিছে।

দেশত বিগত ২৪ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৪৩,৮৪৬গৰাকী লোক।

এতিয়া লৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ ১ কোটি ১৫ লাখ ৯৯ হাজাৰ ১৩০ গৰাকী।

২৪ ঘণ্টাত ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১৯৭ গৰাকী।ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ১ কোটি ১১ লাখ ৩০ হাজাৰ ২৮৮ গৰাকী লোক।

ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে এই পৰ্যন্ত প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১লাখ৫৯ হাজাৰ ৭৫৫ গৰাকী । বিগত ২৪ ঘণ্টাত ক’ৰ’ণাৰ পৰা মুক্ত হৈছে ২২ হাজাৰ ৯৫৬ গৰাকী লোক।

বৰ্তমান দেশত ৩ লাখ ৯ হাজাৰ ৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ৪ কোটি ৪৬ হাজাৰ ৮৪১ গৰাকী লোকক ক’ৰ’ণাৰ ভেকচিন প্ৰদান কৰা হৈছে।

Related News