NORTHEAST NOW (Assamese)

‘ড্ৰেগন মেন’ৰ আৱিষ্কাৰ! মানৱ বিৱৰ্তনৰ কাহিনী পুনৰ ৰচনা হোৱাৰ সম্ভাৱনাৰ দাবী বিজ্ঞানীৰ

June 26, 2021 12:39 pm · এন ই নাও নিউজ
শিল্পীৰ কল্পনাত ড্ৰেগন মেনৰ ছবি।

চীনৰ এদল গৱেষকে দাবী কৰা মতে তেওঁলোকে মানুহৰ সম্ভাৱ্য নতুন প্ৰজাতিৰ এটা প্ৰাচীন লাওখোলা উন্মোচিত কৰিছে।

গৱেষকৰ দলটোৰ মতে লাওখোলাটো নিয়ানদাৰথেল তথা হ’মো এৰেক্টাছৰ দৰে  পৰিচিত প্ৰাচীন মানৱ প্ৰজাতিৰ মাজত সম্পৰ্ক থকা নিকট বিৱৰ্তিত ৰূপৰ হ’ব।

বাতৰি অনুসৰি, ‘ড্ৰেগন মেন’ নামকৰণ কৰা নমুনাটোৱে পূব এছিয়াত কমেও ১৪৬,০০০বছৰ পূৰ্বে বসবাস কৰা এক মানৱ গ্ৰুপক প্ৰতিনিধিত্ব কৰে।

১৯৩৩ চনত উত্তৰ-পূব চীনৰ হাৰ্বিনত উদ্ধাৰ কৰা লাওখোলাটো অলপতে বিজ্ঞানীসকলৰ দৃষ্টিলৈ আহে।

বাতৰিত কোৱা হৈছে যে দ্য ইন’ভেশ্যন নামৰ জাৰ্ণেলত লাওখোলাটোৰ এক বিশ্লেষণ প্ৰকাশ পাইছে।

গৱেষকৰ দলটোৰ এগৰাকী সদস্য, লণ্ডনৰ নেচাৰেল হিষ্টৰী মিউজিয়ামৰ মানৱ বিৱৰ্তন বিষয়ৰ এগৰাকী আগশাৰীৰ বিশেষজ্ঞ অধ্যাপক ক্ৰিছ ষ্ট্ৰিঞ্জাৰে বিবিচি নিউজক কয়, ’’বিগত নিযুত বছৰৰ জীৱাশ্মৰ পৰিপ্ৰেক্ষিতত এইটো হৈছে এতিয়ালৈকে আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ।‘’

বিজ্ঞানীসকলৰ মতে এই আৱিষ্কাৰৰ পাছত মানৱ বিৱৰ্তনৰ কাহিনী পুনৰ ৰচনাৰ সম্ভাৱনা আছে।

বিশ্লেষম অনুসৰি নমুনাটোৰ নিয়ানদাৰথেলতকৈ হ’মো ছেপিয়েনৰ সৈতে অধিক নিকট সম্পৰ্কিত।

লাওখোলাটো আন মানৱ প্ৰজাতিৰ স্বাভাৱিক লাওখোলাৰ তুলনাত বৃহৎ আকাৰৰ। মগজুৰ আকাৰ আমাৰ প্ৰজাতিৰ সৈতে তুলনীয়।

গৱেষকসকলে ব্যাখ্যা কৰা অনুসৰি আন মানৱ প্ৰজাতিৰ তুলনাত ‘ড্ৰেগন মেন’ৰ সুকীয়া বিশেষত্ব আছে আৰু ই নতুন দিশৰ উন্মোচন কৰিব।

Related News