NORTHEAST NOW (Assamese)
Popular Stories

আহি আছে ছিগালৰ নতুন নাটক “লাইচেঞ্চ”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2023 10:50 am

অসমৰ বিশিষ্ট নাট্যকৰ্মী বাহাৰুল ইছলামৰ উদ্যোগত ১৯৯০ চনত প্ৰতিষ্ঠা কৰা হৈছিল ‘ছিগাল‘। তেতিয়াৰে পৰা ৰাজ্যৰ ভিতৰে বাহিৰে নিৰন্তৰ নাট্য অনুশীলন আৰু প্ৰদৰ্শন কৰি আহিছে ছিগাল গোষ্ঠীয়ে।

ছিগালৰ মজিয়াতে জন্ম হৈছে বহু অভিনেতাৰ- বহু পৰিচালকৰ। এটা বছৰতে ইতিমধ্যে দুজনকৈ নতুন পৰিচালক ক্ৰমে বৰ্ষা বাহাৰ আৰু নিৰ্মালী শৰ্মাই দুখনকৈ নাট পৰিবেশন কৰাৰ পিছত আৰু এজন অভিনেতা বিকাশ দাসে পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰিব। তেওঁৰ পৰিচালনাত ছিগালৰ শিল্পীসকলে ২৪ আৰু ২৫ জুনত নিবেদন কৰিব সাদাত হাছান মানটোৰ গল্পৰ আধাৰত ৰচনা কৰা নাটক – “লাইচেন্স” ।

জুৰোড স্থিত জুৰণি পথত থকা ছিগাল ষ্টুডিঅ’ত দুইনিশা মঞ্চস্থ হবলগীয়া নাটখনত অভিনয় কৰিব- অভিষেক ভাৰতী,মৃগাংক কুমাৰ নাথ,আফতাব হুছেইন ,সুৰঞ্জনা কলিতা,মাহিকা আগৰৱালা,গৌৰঙ্গ নাৰায়ণ দেৱ,ৰাকিবুল আহমেদ,অমৰ কলিতা,মনিকা শ্ৰী মণ্ডল,মনাস্বীতা নাথ,অংকিতা বৈশ্য,জুৰিন মহন্ত ,দেৱ শংকৰ নাথ আৰু ভাৰত চাহুৱে । নাটক খনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে – ধনজিত বড়ো আৰু পোহৰ সজ্জাৰ দায়িত্বত আছে ভাগিৰথী। নাটকখনৰ ব্যৱস্থাপনা জীয়া বাহাৰ ।

জনপ্ৰিয় তথা বিতৰ্কিত গল্পকাৰ সাদাত হাছান মানটোৰ গল্পৰ আধাৰত ৰচিত এই নাটকখনে দৰ্শকৰ মন জয় কৰিব বুলি আশা কৰিছে নাট্যকৰ্মীসকলে।