NORTHEAST NOW (Assamese)
অসম

EDUAID-ৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ছেবাৰ বিশেষ অনলাইন পাঠ্যক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 7:19 pm
HSLC-Exam.-File-photo-768x503-750x375

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ থকাৰ পাছত সম্প্ৰতি দেশৰ লগতে ৰাজ্যৰ শিক্ষাৰ্থী সকল সমস্যাত পৰা দেখা গৈছে।

অসমৰ সম্প্ৰতি ‘ল’কডাউনৰ’ সময়চোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) SIQES EDUAID LLP-ৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অসমীয়া, ইংৰাজী আৰু বড়োভাষাত মাৰ্চ আৰু এপ্ৰিল মাহৰ পাঠ্যক্ৰমসমূহ EDUAID নামৰ YouTube চেনেলটোৰ জৰিয়তে প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে, বিগত ২৫ মাৰ্চ তাৰিখৰ পৰাই চেনেলটোত পাঠ্যক্ৰমসমূহৰ ভিডিঅ’ সংস্কৰণ উপলব্ধ কৰা হৈছে।

সপ্তাহৰ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি ৫ বজাৰ পৰা ৬ বজালৈ EduAid-ৰ YouTube ৰ চেনেলত উপলব্ধ হ’ব এই শ্ৰেণীসমূহ।

ইচ্ছুক শিক্ষাৰ্থী সকলে ৯৪৭৭৯৯৪৭৭৯-নম্বৰত ‘SEBA’ টাইপ কৰি এটা হোৱাটছ এপ বাৰ্তা প্ৰেৰণ কৰি চেনেলটোৰ পোনপটীয়া লাভ কৰিব পাৰিব।

দেশৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানেও ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি ই-পাঠদানৰ ব্যৱস্থা হাতত লোৱা দেখা গৈছে।