NORTHEAST NOW (Assamese)
অসম

২০২১ চনৰ প্ৰশ্ন কাকতৰেই হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা; আনুষ্ঠানিকভাৱে জনালে ছেবাই

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী March 7, 2022 6:32 pm
seba

কৰ’নাৰ বাবে যোৱা বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল। সেয়ে, ২০২১ চনৰ প্ৰশ্ন কাকতৰেই এইবাৰৰ মেট্ৰিক পৰীক্ষা হ’ব।

অব্যৱহৃত সেই প্ৰশ্নকাকত আৰু উত্তৰ বহী এইবাৰৰ পৰীক্ষাত ব্যৱহাৰ কৰা হ’ব বুলি মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা কৰ্তৃপক্ষই জানিবলৈ দিছে।

সোমবাৰে এক জাননী জাৰি কৰি ‘ছেবা’ই এইকথা সদৰী কৰিছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কৰ’না পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰা নহ’ল আৰু আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰা হয়।

 

অৱশ্যে সেইবাৰ পৰীক্ষাৰ বাবে প্ৰশ্নকাকত আৰু উত্তৰ বহীসমূহ সম্পূৰ্ণ প্ৰস্তুত কৰা হৈছিল যদিও সেইসমূহ ব্যৱহৃত নোহোৱাত প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ এৰাই চলিবলৈ সেইবোৰ এইবাৰ পৰীক্ষাত ব্যৱহাৰ কৰা হ’ব বুলি ছেবাই সদৰী কৰে।

আনহাতে, ছেবাই জাননীত জনায় যে ২০২১চনৰ ২ ছেপ্টেম্বৰত এক পত্ৰযোগে মেট্ৰিক পৰীক্ষাৰ বাবে ঘোষণা কৰা পাঠ্যক্ৰমৰ ভিত্তিতে এই প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছে।