NORTHEAST NOW (Assamese)
অসম

নিৰাশাজনক ফলাফল: ৰাজ্যৰ ১০২ খন বিদ্যালয়লৈ ছেবাৰ কাৰণ দৰ্শোৱা জাননী; ২৫ খনৰ ফলাফল শূণ্য

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী June 10, 2022 8:18 pm
SEBA

অসম মাধ্যমিক শিক্ষা পৰিষদে শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ দুৰ্বল বা বেয়া ফলাফলৰ বাবে ১০২ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামগ্ৰিক উত্তীৰ্ণৰ শতাংশ আছিল ৫৬.৪৯ শতাংশ। পূৰ্বৰ বছৰ সমূহতকৈ অৰ্থাত্ ২০০৭ চনৰ পৰা একেৰাহে এনে বেয়া ফলাফল প্ৰদৰ্শিত হোৱা নাছিল।

ক’ভিদ মহামাৰীৰ বাবে যোৱা দুটা বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আৰু শিক্ষাৰ্থীসকলৰ আভ্যন্তৰীণ মূল্যাঙ্কনৰ ওপৰত আধাৰ কৰি মূল্যাঙ্কন সূত্ৰৰ জৰিয়তে ফলাফল ঘোষণা কৰা হৈছিল।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ মতে, ৰাজ্যখনৰ ২৫ খন ৰাজ্যিক পৰিচালিত বিদ্যালয়ে এই বছৰৰ মেট্ৰিক পৰীক্ষাত শূণ্য শতাংশ ফলাফল দেখুৱাইছে অৰ্থাৎ এই বিদ্যালয় সমূহৰ পৰা এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাই।

তাৰ বিপৰীতে ৭০ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশৰ তলত আৰু ৭ খন বিদ্যালয়ৰ হাৰ ১০ শতাংশ।

মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ মতে মুঠ ১০২ খন ৰাজ্যিক পৰিচালিত বিদ্যালয়ৰ উত্তীৰ্ণৰ শতাংশৰ ফলাফল ১০ শতাংশ আৰু ১০ শতাংশৰ তলত আছিল।

এই ১০২ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ জাননী লাভ কৰা তাৰিখৰ পৰা সাত দিনৰ ভিতৰত লিখিত উত্তৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে ছেবা কতৃপক্ষই।

কাছাৰ জিলাত ১৪ খন কাৰ্বি আংলংত ১৩ খন, গোৱালপাৰা জিলাত ৯ খন, যোৰহাটত আঠখন, কামৰূপ (মেট্ৰ’ ) আৰু ধুবুৰীত ছয়খনকৈ, পশ্চিম কাৰ্বি আংলঙে পাঁচখনকৈ, কৰিমগঞ্জে চাৰিখনকৈ এনে বিদ্যালয়ত একেবাৰে দুৰ্বল পাৰদৰ্শিতা দেখিবলৈ পোৱা গৈছে বুলি জানিব পৰা গৈছে।

সেইদৰে বৰপেটা, বঙাইগাঁও, চিৰাং, গোলাঘাট আৰু নগাঁওত তিনিটাকৈ, চৰাইদেউ, ডিব্ৰুগড়, কামৰূপ, লখিমপুৰ, দক্ষিণ চালমাৰা, তিনিচুকীয়া আৰু ওদালগুৰিত দুখনকৈ এনে বিদ্যালয় আছে।