NORTHEAST NOW (Assamese)
অসম

ছেবিত এক নতুন নিযুক্তি প্ৰক্ৰিয়াক লৈ আপত্তি তুলিলে সংস্থাটোৰ বিষয়াসকলে!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 30, 2024 10:01 am

ছেবিৰ অধ্যক্ষ মাধৱী পুৰি বুচৰ বিৰুদ্ধে কিছু চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সেই অভিযোগ মাধৱীয়ে অস্বীকাৰ কৰি আহিছে। ইয়াৰ মাজতে আন এজন ছেবি বিষয়াৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। সূত্ৰসমূহৰ মতে, হিন্দুস্তান লিভাৰৰ প্ৰাক্তন বিষয়া শিখা গুপ্তাক ছেবিৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, শিখাৰ নিযুক্তিক লৈ ছেবিৰ কেইবাজনো বিষয়া-কৰ্মচাৰীয়ে আপত্তি দাঙি ধৰিছে। খবৰ অনুসৰি ছেবিৰ বহু বিষয়াই ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে। ছেবিৰ কৰ্মীসকলে যুক্তি দিছে যে এই পদৰ বাবে তেওঁলোকৰ মাজৰ পৰাই কোনোবা এজনক বাছনি কৰিব লাগে।

শিখা গুপ্তাৰ স্বামীৰ সৈতে মাধৱী পুৰি বুচৰ সম্পৰ্ক থাকিব পাৰে বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ মাধবীৰৰ স্বামী ধবল বুচ বহুদিন ধৰি প্ৰখ্যাত ব্যক্তিগত সংস্থাৰ লগত জড়িত আছিল।

উল্লেখ্য যে এনে প্ৰশ্ন উত্থাপন হোৱাটো এয়াই প্ৰথম নহয়। ২০২২ চনত আইচিআইচিআই বেংকৰ প্ৰমোদ ৰাওৰ নাম ছেবিৰ কাৰ্যবাহী সঞ্চালক হিচাপে চৰ্চালৈ আহিছিল। মাধৱী পুৰী বুচে কেৰিয়াৰৰ বেছিভাগ সময় আইচিআইচিআই বেংকৰ সৈতে কাম কৰি আহিছে। মাৰ্কিন এজেন্সী হিণ্ডেনবাৰ্গে মাধৱীক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

আন এক ঘটনাত ছেবিয়ে যোৱা ৪ ছেপ্টেম্বৰত ৪টা প্ৰেছ বিবৃতি প্ৰত্যাহাৰ কৰে। তাত কোৱা হৈছিল যে ছেবিত অপেশাদাৰী কৰ্ম সংস্কৃতিৰ প্ৰতিবাদ কৰিবলৈ ছেবি কাৰ্যালয়ৰ বাহিৰত বিক্ষোভ সাব্যস্ত কৰা হৈছিল। ছেবিয়ে অৱশ্যে স্বীকাৰ কৰে যে বিগত ৩৬ বছৰত ইয়াৰ কৰ্মচাৰীসকলে ছেবিক গঢ়ি তোলাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে।