NORTHEAST NOW (Assamese)

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : প্ৰথম তিনি ঘণ্টাত ১৭.৮১ শতাংশ ভোটদান

April 1, 2021 11:03 am · এন ই নাও নিউজ
Updated: April 1, 2021 11:07 am

আজি ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতিৰ খবৰ আহিছে।

ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম তিনি ঘণ্টাত ভোট দানৰহাৰ হৈছে ১৭.৮১ শতাংশ।

অৰ্থাৎ ১০ বজালৈকে ভোটদানৰ হাৰ ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰথম দুণ্টাত অৰ্থাৎ ৯ বজালৈ ভোটদানৰ হাৰ আছিল ১০.৫১ শতাংশ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ২৯ টা সমষ্টিৰ ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰিব।

 

Related News