NORTHEAST NOW (Assamese)
অসম

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে দৰং জিলাত ধাৰা ১৪৪ জাৰি

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী August 30, 2019 9:45 pm
6-21-750x375

ৰাজ্যত শনিবাৰে প্ৰকাশ পাবলগীয়া চূড়ান্ত নাগৰিক পঞ্জীৰ প্ৰাক মূহুৰ্তত শান্তি-শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে দৰং আৰক্ষীয়ে শুকুৰবাৰে জিলাখনত ১৪৪ ধাৰা জাৰি কৰে।

জিলাখনৰ এগৰাকী আৰক্ষী বিষয়াই জানিব দিয়া মতে, এন আৰ চি প্ৰকাশৰ সময়ত জিলাখনত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই বাবেই ধাৰা ১৪৪ জাৰি কৰা হৈছে।

১৪৪ ধাৰা অনুসৰি জিলাখনত চাৰিগৰাকীতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব। কোনোধৰণৰ চোকা অস্ত্ৰ লগত ৰখা, সমদল বাহিৰ কৰা, পথ অৱৰোধ কৰা, শ্লোগান দিয়া আদি কাৰ্য্যৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পৰৱৰ্তী কোনোধৰণৰ নিৰ্দেশ নহালৈ জিলাখনত ধাৰা ১৪৪ বাহাল থাকিব।

আনহাতে, এন আৰ চি প্ৰকাশৰ পূৰ্বে জিলাখনৰ সুৰক্ষা ব্যৱস্থাও অধিক কটকটীয়া কৰি তোলা হৈছে।

তদুপৰি, বৃহস্পতিবাৰে জিলাখনৰ আইন-শৃংখলা সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এখন উচ্চ পৰ্য্যায়ৰ বৈঠকো অনুষ্ঠিত হৈ যায়।