NORTHEAST NOW (Assamese)
অসম

কোভিডৰ সংক্ৰমণ: ৰাজ্যৰ পুনৰ আন এখন জিলাত ১৪৪ ধাৰা জাৰি

Posted by: মুকেশ সিং Updated by: মুকেশ সিং April 9, 2021 3:19 pm
Covid-test-image

সমগ্ৰ দেশতে এতিয়া কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে।

এনে সময়তে কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে ধুবুৰীত ১৪৪ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰা হৈছে।

সেই মৰ্মে এতিয়াৰে পৰা জিলা খনত ৰাজহুৱা স্থানত মাস্ক পিন্ধা বাধ্যতামূলক কৰা হৈছে। একেদৰে ৰাজহুৱা স্থানত মানি চলিব লাগিব ২ মিটাৰৰ সামাজিক দূৰত্ব।

ফৌজদাৰী বিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্তই।

উল্লেখ্য কিছুদিন পূৰ্বে শিৱসাগৰ জিলাতো কোভিচৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছিল।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই বুলি কৈছে যদিও বহুতে এতিয়াও বিষয়টোত আশ্বস্ত হ’ব পৰা নাই।

বিশেষকৈ দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অতি কঠোৰ ব্যৱস্থ্া গ্ৰহণ কৰাৰ সময়ত অসমতো তেনে ব্যৱস্থাই গ্ৰহণ কৰা হ’ব পাৰে বুলি বহুতে আশংকা কৰিছে।

তাৎপৰ্যপূৰ্ণ ভাবে কোভিডৰ মহা সংক্ৰমণৰ পিছতো বহুতে ৰাজহুৱা স্থানত মাস্ক পিন্ধা পৰিলক্ষিত হোৱা