শাৰদীয় দুৰ্গা পূজাৰ বতৰত হোজাই জিলাত অনিৰ্দিষ্ট সময়লৈ ১৪৪ ধাৰা জাৰি

শাৰদীয় দুৰ্গা পূজাৰ সময়ত হোজাই জিলাত শান্তি, সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে।
জিলা প্ৰশাসনে জা্ৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি মতে ১৪৪ ধাৰা অনুসৰি পূজা মণ্ডপৰ বাহিৰে অন্য ৰাজহুৱা স্থানত পাঁচগৰাকীতকৈ অধিক লোক গোট খোৱা, অনুমতি অবিহনে ৰাজহুৱা সভা অনুষ্ঠিত কৰা, প্ৰাণঘাতী অস্ত্ৰ কঢ়িওৱা, নিশা ১০ বজাৰ পাছত উচ্চ স্বৰৰ শব্দ যন্ত্ৰ বজোৱা আৰু ফটকা ফুটোৱা সম্পুৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে।
আনহাতে, ন্যায়িক অধিকাৰী, কাৰ্য্যবাহী মেজিষ্ট্ৰেট, আৰক্ষী কৰ্মী, সেনা আৰু অৰ্ধসেনা বাহিনী, চিকিৎসা কৰ্মী, বিবাহ কাৰ্য্যসূচী, চলচ্চিত্ৰ গৃহ, শিক্ষানুষ্ঠান, বজাৰ স্থান আৰু যিসকলে পূৰ্বে হোজাই জিলা প্ৰশাসনৰ পৰা অনুমতি গ্ৰহণ কৰে সেইসকলক এই আওঁতাৰ পৰা বাহিৰত ৰখা হৈছে।
জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি কৰা নিৰ্দেশ পৰৱৰ্তী জাননী নোলোৱালৈ বাহাল থাকিব বুলি জনাইছে হোজাই জিলা প্ৰশাসনে।