NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্মনিৰপেক্ষতা ভাৰতৰ পৰম্পৰাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি : যোগী আদিত্যনাথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2021 5:33 pm

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে ধৰ্ম নিৰপেক্ষতা হৈছে ভাৰতীয় পৰম্পৰাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি।

ধৰ্ম নিৰপেক্ষতাৰ বাবে ভাৰতীয় পৰম্পৰাই বিশ্ব প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰা নাই বুলি তেওঁ কয়।

তদুপৰি ধৰ্ম নিৰপেক্ষ মনোভাৱ আঁতৰাবৰ বাবে ‘সুস্থ, শুদ্ধ’ প্ৰচেষ্টা লোৱাৰ প্ৰয়োজন বুলিও তেওঁ অনুভৱ ব্যক্ত কৰে।

শনিবাৰে কম্বোডিয়াৰ এংকৰ ৱাট মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীজনে এইদৰে কৈছে।

এংকৰ ৱাট মন্দিৰৰ এজন গাইডে তেওঁক কোৱা এটা কথাৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীজনে কয় যে যিসকলে নিজৰ লাভৰ বাবে জনতাক বিপথে পৰিচালিত কৰি দেশক বিশ্বাসঘাটকতা কৰিছে, তেওঁলোকক ৰেহাই দিয়া নহ’ব।

উল্লেখযোগ্য যে গাইডজনে যোগী আদিত্যনাথক কৈছিল যে তেওঁ বুদ্ধধৰ্মী আৰু বুদ্ধধৰ্মৰ  উৎপত্তি হৈছে হিন্দুধৰ্মৰ পৰা।

এই প্ৰসংগত যোগী আদিত্যনাথে কয় যে কম্বোদিয়াত গাইডজনে যিদৰে নিজৰ ধৰ্মৰ উৎপত্তিৰ কথা কৈছে, তেনেদৰে যদি ভাৰতত কয়, তেনেহ’লে বহুতো লোকৰ ‘ধৰ্মনিৰপেক্ষতা’ত আঘাট লাগিব।

ধৰ্মনিৰপেক্ষ লোকসকলক তেওঁ সংকীৰ্ণমনা বুলিও অভিহিত কৰে।

”যিসকলে টকাৰ বাবে ভাৰত সম্পৰ্কে মিছা প্ৰপাগাণ্ডা তৈয়াৰ কৰি আছে, তেওঁলোকে উচিত বিচাৰৰ সমুখীন হ’ব।”- যোগী আদিত্যনাথে কয়।

এংকৰ ৱাট মন্দিৰত অযোধ্যা গৱেষণা প্ৰতিষ্ঠানে ই-বুক ফৰমেটত তৈয়াৰ কৰা ‘গ্লবেল এনচাইক্লপেডিয়া অৱ দ্যা ৰামায়ণ’ উন্মোচন কৰি মুখ্যমন্ত্ৰীজনে কয় যে মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীসমূহে এখন সুন্দৰ ভাৰত গঢ়িবৰ বাবে সহায়ক হয়।

মুখ্যমন্ত্ৰীজনে আক্ষেপ কৰে কয় যে এতিয়াও অযোধ্যাত ৰামৰ অস্তিত্ব সম্পৰ্কে কিছুলোকে প্ৰশ্ন উত্থাপন কৰি আছে। তেওঁলোকলৈ উদ্দেশ্যি তেওঁ কয় যে ঐতিহাসিক তথ্য কেতিয়াও উলাই কৰিব নোৱাৰি।

”এইধৰণৰ মানসিকতাই শতক শতক বছৰ ধৰি ভাৰতক ইয়াৰ গৌৰৱময় ঐতিহ্যৰ পৰা আঁতৰাই ৰাখিছে।”- তেওঁ কয়।