NORTHEAST NOW (Assamese)

বৰপেটাৰ ভোট গণনা কেন্দ্ৰত লাঠী চালনা অৰ্ধ সামৰিক বাহিনীৰ

December 12, 2018 8:39 pm · পুলেন্দ্ৰ দাস
প্ৰতীকী ছবি

বহু উৎকণ্ঠাৰ অন্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি পুৱাৰে পৰা বৰপেটা জিলাতো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কৰা হয়।

উল্লেখযোগ্য যে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰূমত বন্দী হৈ থকা বৰপেটা নিৰ্বাচনী জিলাৰ ৪০৭৮ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হোৱা হেতুকে পুৱাৰে পৰা প্ৰাৰ্থীৰ সমৰ্থক আৰু এজেণ্ট সকলে ভিৰ কৰে।

পমাধৱ চৌধুৰী মহাবিদ্যালয় চৌহদত ভিৰ কৰা প্ৰাৰ্থীসকলৰ এজেণ্ট সকলে ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰাৰ বিপৰীতে সমৰ্থক সকলে মহাবিদ্যালয় চৌহদত যথেষ্ট ভিৰ কৰে।

অৱশেষত দিনৰ প্ৰায় ১২-৩০ বজাত ভিৰ ইমানেই বৃদ্ধি পাই যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীয়ে লাঠী চালনা কৰিব লগা পৰিস্থিতি হয়।

অৱশ্যে পিছত আৰক্ষীৰ নিয়ন্ত্ৰণত পৰিস্থিতি শাম কাটে আৰু ভোট গণনা কেন্দ্ৰত ভোট গণনা চলি আছে। ইফালে ভোট গণনা সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু অৰ্থ সামৰিক বহিনীৰ লোক সষ্টম হৈ থাকে।

Related News