NORTHEAST NOW (Assamese)
অসম

অকালতে হেৰুৱাইছে চুলি? কেনেকৈ ঘুৰাই আনিব মূৰৰ চুলি? চাওক কেইটামান সহজ দিহা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2021 10:40 am
images

কম বয়সতে বা অকালতে মূৰৰ চুলি সৰি তপা হোৱাৰ বাসনাতো কাৰো নাথাকে। দাপোনত মুখ চাই সন্তুষ্টি লভিব পাৰিনে?

সকলোৱে নিজক নতুন ৰূপত চাব বিচাৰে। সেয়ে, মূৰৰ চুলি হেৰুওৱাৰ ভয় সকলোৰে থাকে। কিন্তু চুলি গুচি গৈ তপা হোৱাৰ দিশে আগবাঢ়িলে তাক জানো প্ৰতিৰোধ কৰিব পাৰি।

কিন্তু ইমান সহজতেই এৰি দিব পাৰিনে? বিভিন্ন কোম্পানীবোৰে তপাক ফণী বিক্ৰী কৰাৰ চেষ্টা কৰে। কিন্তু সেইবোৰৰ পৰা আঁতৰত থাকিয়েই ঘৰুৱা উপায়েৰে কেনেকৈ সহজেই মূৰৰ চুলি ঘুৰাই আনিব?

balding_man

চাওক কেইটামান দিহা:-

*মূৰৰ তালুত নিয়মিত ম্যাচাজ কৰিব পাৰি। ইয়াত চুলিৰ গুৰি মজবুত হয়।

* ঘৰতে এডাল এলোভেৰা গছ লগাই লওক। ইয়াৰ জেল সদায় উলিয়াই মূৰৰ তালুত লগাওক। এঘন্টা ৰাখি মূৰটো ধুই দিয়ক।

*চুলিৰ বাবে জৰুৰী মাছৰ তেল। এই তেলত ওমেগা থ্ৰি ফ্যেটি এচিড থাকে। ইয়াৰ প্ৰভাৱত খুৱ সোনকালে চুলি গজে।

*মূৰত চুলি ঘুৰাই অনাৰ বাবে অতি উপযোগী হৈছে পিঁয়াজৰ ৰস। গোটেই নিশা মুৰত ৰাখি পুৱাই ধুই পেলাওক।

* নাৰিকলৰ তেলৰ সৈতে নেমুৰ ৰস মিহলাই লওক। সেইখিনি ভালকৈ মূৰত সানি থওক। কেইদিনমানৰ ভিতৰতে মূৰত নতুন চুলি দেখা যাব।