NORTHEAST NOW (Assamese)

Dr. Subramanian Swamy কিয় হঠাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হ’ল প্ৰবীণ বিজেপি নেতা ড০ সুব্ৰমণিয়ম স্বামী?

November 11, 2021 6:25 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
ড0 সুব্রমনিয়ম স্বামী। ফাইল ফটো।

Dr. Subramanian Swamy বৃহস্পতিবাৰে হঠাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’ল প্ৰবীণ বিজেপি নেতা ড০ সুব্ৰমণিয়াম স্বামী।

এক বিশেষ বিমানযোগে আজি পুৱাৰ ভাগত প্ৰথমে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ তেওঁ পোনে পোনে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হয়।

কি কাৰণে হঠাৎ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হ’বলগীয়া হ’ল তাক লৈ সকলোৱে উৎসুক হৈ পৰিছে।

জানিব পৰা মতে সুব্ৰমনিয়ামৰ বিৰুদ্ধে ২০১৫ চনতে কংগ্ৰেছ চৰকাৰৰ দিনত ৰুজু হোৱা গোচৰক কেন্দ্ৰ কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হ’বলগীয়া হয়। ২০১৫ চনতে মছজিদ সম্পৰ্কত এক বিতৰ্কিত মন্তব্য কৰিছিল স্বামীয়ে।

ইয়াৰোপৰি, তেওঁৰ বিৰুদ্ধে তৰা গোচৰৰ বিৰুদ্ধে আদালতত লেখ আবেদন দাখিল কৰিছিল।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ শাসনকালত স্বামীৰ বিৰুদ্ধে তৰা এই লেখ আবেদন মীমাংসাৰ বাবে উচ্চতম ন্যায়ালয়ে গুৱাহাটী  উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছিল। ন্যায়াধীশ মণীষ চৌধুৰীৰ আদালতত সম্পন্ন হৈছে এই বিচাৰ প্ৰক্ৰিয়া।

আনি অনুষ্ঠিত হোৱা শুনানি প্ৰক্ৰিয়াৰ অন্তত স্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘গোচৰৰ ৰায় সংৰক্ষিত আছে। এতিয়া মোৰ কবলগীয়া এতিয়া একো নাই।‘

ইপিনে, সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চীনৰ শেহতীয়া কাৰ্য্য-কলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰি অৰুণাচলৰ পৰা চীনক খেদি পঠিয়াবলৈ আহ্বান জনোৱাৰ লগতে চীনৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, বিৰ্তকিত মন্তব্য কৰি গোচৰৰ সন্মুখীন হোৱা সুব্ৰমনিয়াম স্বামী ২০১৯ চনতো শিলচৰ আদালতত উপস্থিত হৈছিল।

সেই গোচৰতো ড০ স্বামীয়ে ভাৰতৰ সংবিধানৰ ২৬/২২৭ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে চমন জাৰী কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনাইছিল। তেওঁ আইপিচিৰ ধাৰা ১৫৩ এ/২৯৫এৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছিল আৰু উক্ত আবেদনখন এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। 

Related News