NORTHEAST NOW (Assamese)
অসম

মায়ামৰা সমাজৰ ওচৰত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা; বিবাদৰ সামৰণি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 11, 2020 6:45 pm

কিছু দিনৰ পূৰ্বে মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি তাচিল্যসুচক মন্তব্য কৰা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা কৰাত সন্তোষ প্ৰকাশ কৰিছে মায়ামৰা সমাজখনে।

বিতৰ্কিত মন্তব্য কৰাৰ পিছত সাংবাদিকজনক ক্ষমা খুজিবলৈ ১৫ দিনৰ সময় বান্ধি দিছিল যোৰহাট জিলা মায়ামৰা সাংস্কৃতিক সমাজে।

ইয়াৰ ব্যৰ্থতাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকজনক সকীয়াই দিছে সমাজখনে।

সাংবাদিকজনৰ বিৰুদ্ধে মায়ামৰা সমাজৰ আন আন দল-সংগঠনেও প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। কেইবাখনো জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল দল-সংগঠনবোৰে।

আজি শ্ৰীশ্ৰী অষ্টভুজ দেৱৰ বৰভেটি উন্নয়ন সমিতিৰ আইন উপদেষ্টা তথা শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজ, অসমৰ প্ৰধান সম্পাদক মনু বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত সমাজখনে সাংবাদিকজনক ক্ষমা কৰি দিয়া বুলি জনায়। অৱশ্যে কেতিয়া ক’ত সাংবাদিকজনে ক্ষমা বিচাৰিলে সেয়া উল্লেখ নাই বিবৃতিটোত।

“মায়ামৰাসকল সদায় সহানুভূতিশীল আৰু শ্ৰীমন্ত শঙ্কৰ, মাধৱ, গোপাল অনিৰুদ্ধ দেৱৰ আধ্যাত্মিক দৰ্শনত বিশ্বাসী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ”, বিবৃতিটোত কোৱা হয়। বিষয়টো সামৰণি মৰা হ’ল বুলিও বিবৃতিটোত কোৱা হয়।

যোৰহাট জিলা মায়ামৰা সাংস্কৃতিক সমাজে ৫ জানুৱাৰিত প্ৰেৰণ কৰা এটা বিবৃতিত অভিযোগ কৰিছিল যে ১ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মত বিনিময় এটা অনু্ষ্ঠানৰ সময়ত সাংবাদিকজনে  মায়ামৰা বিদ্ৰোহে আহোমৰ ৰাজত্ব শেষ কৰি অসমীয়া জাতিক দুৰ্বল কৰা বুলি মন্তব্য কৰাৰ লগতে আলফাৰ প্ৰসংগত মায়ামৰাসকলক অযথা টানি আনি তাচ্চিল্য কৰিছিল।