NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ কুঁৱৰীটোলত যুৱ পৰিষদৰ ছেনিটাইজেছন কাৰ্যসূচী

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 26, 2021 6:31 pm
blue-covid

কৰোনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোঁহাইৰ নেতৃত্বত সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰৰ বিভিন্ন অঞ্চল সমূহত যুৱ পৰিষদৰ বিষয়ববীয়া সকলে কৰোনা মহামাৰীৰ বিৰুদ্ধে ছেনিটাইজেছন কৰাৰ লগতে আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰে।
যুৱ পৰিষদৰ এই ছেনিটাইজেছন কাৰ্যসূচীত কেন্দ্ৰীয় কমিটীৰ সম্পাদক মনি মাধৱ মহন্তই সহযোগিতা আগবঢ়ায়।
উল্লেখ্য কলিয়াবৰত মুঠ কোভিডত আক্ৰান্তৰ সংখ্যা হ’লগৈ ১০২৫ জন।
মুঠ সাতটাকৈ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ উভতিছে পাঁচ শতাধিক লোক।
আনহাতেদি কৰোণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা হ’লগৈ ৬ জন।
ইয়াৰে জখলাবন্ধা অসামৰিক চিকিৎসালয়ৰ অধীনত পাঁচজন আৰু চিমনাবস্তি স্বাস্থ্য কেন্দ্ৰৰ অধীনত এজন লোকৰ মৃত্যু হৈছে।
কলিয়াবৰ মহকুমা প্ৰশাসনে খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা যোগান ধৰিছে কোভিড আক্ৰান্ত ৰোগীক।
আনহাতে প্ৰতিদিনে কলিয়াবৰৰ অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন বিভাগে কনটেইনমেণ্ট জ’ন হিচাপে চিহ্নিত স্থানসমূহৰ লগতে ব্যৱসায়িক আৰু অন্যান্য মানুহৰ সমাগম হোৱা স্থানসমূহত চেনিটাইজাৰ কৰি আহিছে।