NORTHEAST NOW (Assamese)
অসম

গেট হাস্পাতালত উত্তেজনা : ভুল চিকিৎসাৰ ফলত আৰক্ষী কনিষ্টবলৰ মৃত্যুৰ অভিযোগ

Posted by: মৃদুল প্রীতম ডেকা December 7, 2018 7:34 am
IMG_20181207_002415

মহানগৰীৰ গেট হাস্পাতাল পুনৰ এক বিতৰ্কৰ মাজত সোমাই পৰিছে। ভুল চিকিৎসাৰ বলি হৈ এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগক লৈ বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে গেট হাস্পাতাল। হাস্পাতালখনত বাবুল আলী নামৰ এজন আৰক্ষী কনিষ্টবলৰ মৃত্যুৰ পিছতে মহানগৰীৰ মঠঘৰীয়াত থকা গেট হাস্পাতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ভুক্তভোগী পৰিয়ালে চিকিৎসালয়খনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁলোকে ভুল চিকিৎসাৰ বাবে বাবুল আলীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ তোলে।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে অসুস্থ বাবুল আলীক প্ৰথমতে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। তাত আই চি ইউ নোপোৱা বাবে বাবুলক পৰিয়ালৰ লোকে গেট হাস্পাতালত ভৰ্তি কৰায়।

বাবুলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে চিকিৎসকে বাৰে বাৰে কথা সলনি কৰাৰ অভিযোগ কৰিছে। চিকিৎসকে প্ৰথমে বৃক্ক বিকল, তাৰ পিছত যক্ষ্মা, তাৰ পাছত লিভাৰ বিকল হোৱা বুলি কয়। এনেকৈ বাৰে বাৰে কথা সলনি কৰি ৰোগীৰ অভিভাৱকক চিকিৎসালয় কৰ্তৃপক্ষই পণবন্দী কৰি ৰখাৰ অভিযোগ তোলে।

আনহাতে, হঠাতে চিকিৎসকে বাবুল আলীৰ মৃত্যুৰ কথা ঘোষণা কৰাত চিকিৎসালয়খনত হাহাকাৰ লাগে। আৰক্ষী কণিষ্টবল বাবুল আলীৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলি মৃত্যুৰ পাছতো দুদিন বাবুলক জীয়াই থকা বুলি ধনৰ লোভত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰো অভিযোগ আনিছে পৰিয়ালৰ লোকে।

ইপিনে, বাবুল আলীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে ন্যায় বিচাৰি নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে।