NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত এন এছ চি এন(আই এম)ৰে জড়িতৰ সন্দেহত সেনাই আটক কৰা যুৱকক লৈ ৰহস্য

December 23, 2018 7:36 pm · মানস প্ৰতিম গগৈ
Updated: December 23, 2018 7:42 pm
ফটো : নৰ্থ-ইষ্ট নাও

২২ ডিচেম্বৰত অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং চাহ বাগিচাৰ পথৰ পৰা সেনাৰ ৯নং বেটেলিয়নৰ ৰাজপুতনা ৰাইফলছৰ এটা দলে নিষিদ্ধ ঘোষিত সংগঠন এন এছ চি এন (আই এম)ৰ লগত জড়িত থকাৰ সন্দেহত ৰবি কুমাৰ পাছৱান (২৯) আৰু কেনা পাংটক (১৯) নামৰ দুজন যুৱকক আটক কৰাক কেন্দ্ৰ কৰি আজি মাৰ্ঘেৰিটা থানা চৌহদত এক চাঞ্চল্যমই পৰিৱেশে বিৰাজ কৰে।

আটকাধীন যুৱক দুজনৰ পৰা বিস্ফোৰক গান পাউদাৰ ৭০০ গ্ৰাম, আৰ ডি এক্স ৫০০ গ্ৰাম, জিলেটিন ৬ ডাল আৰু ফিউজ ৱাইৰৰ লগতে এছ-২৩ই-৫৩৮৩ নম্বৰৰ এখন গ্লেমাৰ মটৰ চাইকেল জব্দ কৰা বুলি সেনাই প্ৰেছ বিবৃতিৰ জৰিয়তে দাবী কৰাৰ বিপৰীতে যুৱক দুজনে সেনাৰ এই সকলো অভিযোগ খণ্ডন কৰে। সেনাৰ অভিযোগ খণ্ডন কৰাত এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখযোগ্য যে যুৱক দুজনক সেনাৰ দলটোৱে পাছত মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়াত আটকাধীন যুৱকদ্বয়ে কোনো উগ্ৰপন্থী সংগঠনৰ লগতে জড়িত নহয় বুলি আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত স্পষ্টকে উল্লেখ কৰি দিয়ে। আনহাতে ঘৰলৈ গৈ থাকোতেহে সেনাৰ দলটোৱে তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে এন এছ চি এনৰে জড়িত কৰি গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইফালে সেনা আৰু আৰক্ষীয়ে এনে নিকৃষ্ট কাণ্ড তথা মিছা অভিসন্ধি ৰচনা কৰি সাধাৰণ লোকক উগ্ৰপন্থী সজাই হাৰাশাস্তি কৰাক লৈ যুৱক দুজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজ ক্ষুভিত হৈ পৰা পৰিলক্ষিত হয়। যুৱক দুজন কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নহয় বুলি উল্লেখ কৰি স্থানীয় ৰাইজে আজি মাৰ্ঘেৰিটা আৰক্ষী থানাত উপস্থিত হৈ অতি শীঘ্ৰে যুৱক দুজনক মুকলি কৰি দিবলৈ দাবী জনায়।

Related News