NORTHEAST NOW (Assamese)
অসম

লিডুত উলংগ অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা October 17, 2021 9:14 am
Deadbody found in Ledo

মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু বৰুৱাঘাটত শনিবাৰে উদ্ধাৰ হয় এজন প্ৰায় ৩২ বছৰীয়া যুৱকৰ মৃতদেহ।

পুৱাই এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰে৷

প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও নদীৰ পানীৰ পৰা উদ্ধাৰ কৰাৰ পাছত যুৱকজন লিডু বাগানৰ ২নং লাইনৰ নিবাসী জয় কিষান বুলি চিনাক্ত কৰা হৈছে৷

শুকুৰবাৰ নিশাৰে পৰা জয় নিৰুদ্দেশ হৈ আছিল বুলি পৰিয়ালৰ সুত্ৰে জানিব পৰা গৈছে৷
কি কাৰণত, কি পৰিস্থিতিত পৰি যুৱকজনে এনেদৰে মৃত্যুক আকোৱালি ল’ব লগা হ’ল সেই বিষয়ে বৰ্তমানেওঁ জানিব পৰা নাই যদিওঁ মৃতদেহটোৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ থকাত সমগ্ৰ ঘটনাত ৰহস্যৰ সৃষ্টি হোৱাৰ লগতে চাঞ্চল্য বিৰাজ কৰিছে৷

মৃতদেহত আঘাতৰ চিন স্পষ্ট ৰূপত থকাৰ বাবে স্থানীয় একাংশ লোকে পৰিকল্পিত হত্যাকাণ্ড বুলিওঁ সন্দেহ প্ৰকাশ কৰিছে৷

ইতিমধ্যে লিডু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত অব্যাহত ৰাখিছে ৷ বিবাহিত দুই সন্তানৰ পিতৃ জয়ৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।