NORTHEAST NOW (Assamese)
অসম

পত্নী হত্যাকাৰী ৰাম গড়ক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ মাৰ্ঘেৰিটা অতিৰিক্ত জিলা ও ছেচন ন্যায়াধীশৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ March 16, 2021 6:44 pm
200624-think-man-prison-se-1236p_ceba5a0a0214bcbd6afd6103d60556a9.fit-1240w

আজি মাৰ্ঘেৰিটা অতিৰিক্ত জিলা ও ছেচন ন্যায়াধীশক সংগীতা গগৈ বৰাৰ আদালতে আচামী ৰাম গড়’ক ভাৰতীয় দণ্ডবিধি আইন ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহে।

বিৱৰণ মতে আচামীয়ে নিজ পত্নীক কুঠাৰেৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ মৰ্মে আদালতত দীৰ্ঘদিন বিচাৰ চলে।

বহুগৰাকী সাক্ষ্যৰ গ্ৰহণৰ অন্তত আচামীক দোষী বুলি প্ৰমাণ পোৱাত চামদাং চাহবাগিচাৰ গুৰগুড়ি লাইনৰ নিবাসী ৰাম গড়ক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

চৰকাৰী পক্ষৰ হৈ অধিবক্তা ৰঞ্জীত দত্ত আৰু আচামীৰ হৈ আইনী সাহায্যৰ অধিবক্তা জুৰি গগৈয়ে যুক্তি প্ৰৰ্দশন কৰে।