NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰীক প্ৰত্যাহ্বান জনাই বাঙালীৰ সুকীয়া ‘বাঙালীস্তান’ৰ দাবী

January 20, 2020 7:04 pm · এন ই নাও নিউজ
ত্ৰিপুৰাত প্ৰতিবাদ

ত্ৰিপুৰাত আঞ্চলিক পাৰ্টি আই পি এফ টিয়ে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ বাবে ‘ত্ৰিপুৰালেণ্ড’ৰ দাবী জনাই থকাৰ সমান্তৰালভাৱে ‘আমৰা বাঙালী’ নামৰ সংগঠনটোৰ ত্ৰিপুৰা গোটে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দাবীক প্ৰত্যাহ্বান জনাই বঙালী সকলৰ বাবে সুকীয়া ‘বাঙালীস্তান’ৰ দাবী জনাইছে।

সুকীয়া বাঙালীস্তানৰ দাবী জনাই অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোৰ কৰ্মীসকলে ত্ৰিপুৰাত বাঙালী সকলে উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখিন হৈ অহাৰ কথা উল্লেখ কৰি বাঙালীৰ সুৰক্ষিত ভবিষ্যতৰ বাবে পৃথক বাঙালীস্তানৰ প্ৰয়োজন বুলি কয়।

ব্ৰু শৰণাৰ্থী সকলৰ সমস্যা সমাধান কৰাৰ উদাহৰণ দি আমৰা বাঙালীৰ নেতা হৰি গোপাল দেৱনাথে ৰাজ্যখনত উগ্ৰপন্থীৰ আক্ৰমণৰ স্বীকাৰ হোৱা লোকসকলৰ কথাও ভাবিবৰ হ’ল বুলি উল্লেখ কৰি ত্ৰিপুৰাত দীৰ্ঘদিনৰ পৰা বাঙালী সকল উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখিন হৈ আহিছে বুলি কয়।

দেৱনাথে ৰাজ্যখনত বাঙালী সকলে সন্মুখিন হৈ অহা অমানবীয় নিৰ্যাতনৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

ব্ৰু শৰণাৰ্থী সকলে চৰকাৰী সাহায্য লাভ কৰাৰ প্ৰসংগত মত দাঙি ধৰি দেৱনাথে ত্ৰিপুৰাত বহু বাঙালী পৰিয়ালো ব্ৰু সকলৰ দ্বাৰা নিৰ্যাতিত হোৱা বুলি কয় আৰু তেওঁলোকেও চৰকাৰী সাহায্য লাভ কৰিব লাগে বুলি দাবী জনায়।

প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোৱে ৰাষ্ট্ৰীয় স্তৰত এন আৰ চি আৰু ‘কা’ৰ বিৰোধিতা কৰি কোনো বাঙালীৰ নাম এন আৰ চি তালিকাৰ পৰা বাদ পৰিব দিয়া নহ’ব বুলি কয়।

Related News