NORTHEAST NOW (Assamese)
অসম

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2021 10:49 am
lockdown-1594475731-750x375-1

অহা ২৭ জানুৱাৰিত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকাবন্ধৰ আহ্বান দিছে। সংগঠনটোৰ দাবীসমূহ চৰকাৰে মানি নোলোৱাৰ বাবেই এই চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰা বুলি কোৱা হৈছে।

কিন্তু অকল ২৭ জানুৱাৰিতেই নহয়, চৰকাৰে ইয়াৰ দাবী মানি নল’লে সংগঠনটোৱে আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘন্টীয়া চকাবন্ধৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে।

সেইদৰে ধাৰাবহিক চকাবন্ধ কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৱে অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰিত তৃতীয় পৰ্যায়ৰ চকাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব।

WhatsApp Image 2021-01-25 at 9.58.07 AM

সংগনটোৱে অসংগঠিত খণ্ডৰ প্ৰায় ৮-৯ লাখ চালক-কৰ্মচাৰীক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ তুলিছে।

সেইদৰে  সুদীৰ্ঘ লকডাউনৰ সময়ছোৱাত কৰ্মহীন হৈ পৰা শ্ৰমিকসকলক সাহায্য প্ৰদান নকৰাৰ বাবেও চৰকাৰক জগৰীয়া কৰিছে সংগঠনটোৱে।

যান-বাহন কৰ ৰেহাই, বহিৰ্ৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা দূৰ কৰাকে ধৰি মূল দাবীসমূহ চৰকাৰে পূৰণ নকৰি পেলাই ৰখাৰো অভিযোগ তুলিছে মটৰ শ্ৰমিক সংগঠনটোৱে।