NORTHEAST NOW (Assamese)
অসম

তৃতীয় পৰ্যায়ৰ পৰীক্ষণত ভাৰতৰ ৫০০০ গৰাকী লোকৰ ওপৰত প্ৰয়োগ কৰা হ’ব অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ কোভিড-১৯ ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 9:43 am
COVID19-positive-1140x570

চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়াই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ কোভিড-১৯ প্ৰতিৰোধী ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

ভাৰতত ‘কোভিশ্বিল্ড’ হিচাপে নামাকৰণ কৰা কোভিড-১৯ ভেকচিন বিধ আগষ্ট মাহত ৪০০০-৫০০০ মানুহৰ শৰীৰত প্ৰয়োগ কৰি তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰতিষ্ঠানটোৱে।

এই তৃতীয় স্তৰৰ ভেকচিন পৰীক্ষণত বয়োজেষ্ঠ লোক আৰু স্বাস্থ্য কৰ্মীসকলো অন্তৰ্ভুক্ত হৈ থাকিব বুলি জানিব পৰা গৈছে।

ভাৰতৰ চেৰাম ইষ্টিটিউটে ইতিমধ্যে ৩০০ মিলিয়ন ভেকচিন প্ৰস্তুত কৰাৰ বাবে ২০০ মিলিয়ন টকা বিনিয়োগ কৰিছে।

ভেকচিনৰ গোটেইকেইটা স্তৰ সফলভাৱে সম্পুৰ্ণ হোৱাৰ পাছত নিৰ্মাণৰ বাবে অনুমতি লাভ কৰাৰ লগে লগে চেৰাম ইষ্টিটিউটে ভেকচিন প্ৰস্তুতৰ কাম আগবঢ়াব।

ইতিমধ্যে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ কোভিড-১৯ প্ৰতিৰোধী ভেকচিনে প্ৰথম দুটা পৰ্যায়ৰ পৰীক্ষণত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

যদিহে তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ পৰীক্ষণৰ ফলাফল সফল হয় তেন্তে চলিত বৰ্ষৰ শেষৰ ভাগলৈ কোভিড-১৯ ৰ ভেকচিন প্ৰস্তুত হৈ উঠাৰ পূৰ্ণ সম্ভৱনা আছে।