NORTHEAST NOW (Assamese)
অসম

ছেপ্টেম্বৰতেই চেৰামে ভাৰতৰ বজাৰলৈ আনিব নোভোভ্যাক্সৰ নতুন কৰ’না ভেকচিন!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2021 9:39 am
Covovax

নোভোভ্যাক্সৰ প্ৰস্তুত কৰা কোভোভ্যাক্সৰ দ্বিতীয় তথা তৃতীয় পৰ্যায়ৰ ট্ৰায়েল দেশত ইতিমধ্যে আৰম্ভ হৈছে। এই কোভোভ্যাক্স ভেকচিন ভাৰত প্ৰস্তুত কৰিব চেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই।

অহা ছেপ্টেম্বৰতেই দেশৰ বজাৰত এই ভেকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

যোৱা বছৰ আগষ্টত আমেৰিকাৰ ভেকচিন প্ৰস্তুতকৰ্তা সংস্থা নোভোভ্যাক্সৰ সৈতে চেৰামে লাইচেন্সৰ চুক্তি সম্পন্ন কৰিছিল।

ভাৰতত চেৰামে কোভিশ্বিল্ড উৎপাদন কৰাৰ লগতে স্পুটনিক ভি ভেকচিনো উৎপাদন কৰিবলৈ আগবাঢ়িছে।

দেশৰ ১৯খন ৰাজ্যৰ ১,৬০০জনৰ ওপৰত কোভোভ্যাক্সৰ ট্ৰায়েল ৰাণ সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে। কৰ’না ভাইৰাছৰ ভেকচিন কোভোভ্যাক্স ৯০ শতাংশতকৈয়ো অধিক কাৰ্যকৰী বুলি সংস্থাটোৱে দাবী কৰিছে।

সংস্থাটোৱে দাবী কৰা মতে কোভোভ্যাক্স ভেকচিন ভাইৰাছৰ বিভিন্ন প্ৰজাতিৰ বিৰুদ্ধে যুঁজ দিয়াত কাৰ্যক্ষম।

নোভোভ্যাক্সৰ ফালৰ পৰা দাবী কৰা মতে তেওঁলোকে প্ৰস্তুত কৰা ভেকচিনে ব্ৰিটেইন তথা দক্ষিণ আফ্ৰিকাত ব্যাপক ট্ৰায়েলত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্যকৰিতা প্ৰমান কৰিছে।

শেহতীয়াকৈ আমেৰিকাৰ ভেকচিন প্ৰস্তুতকাৰক সংস্থাটোৱে দেশখনত পৰীক্ষা চলাইছিল। আমেৰিকাৰ ১১৯খন চহৰৰ ২৯ হাজাৰ ৯৬০জন ৰোগীৰ ওপৰত পৰীক্ষা চলোৱা হৈছিল।

ইয়াৰ পাছতে সংস্থাটোৱে দাবী কৰিছে যে নোভোভ্যাক্স মধ্যমীয়া তথা গুৰুতৰভাৱে অসুস্থ দুয়োধৰণৰ ৰোগীৰ বাবেই নিৰাপদ। চলিত বছৰৰ শেষৰভাগতে যাতে নোভোভ্যাক্স বজাৰলৈ আনিব পৰা যায় তাৰ বাবে সংস্থাটোৱে অনুমোদন বিচাৰি আবেদন জনাব।