NORTHEAST NOW (Assamese)
Popular Stories

কোভিড ভেকচিনৰ মূল্য নিৰ্ধাৰণ : কিমান টকাত ক্ৰয় কৰি ল’ব পাৰিব কৰোনাৰ এই প্ৰতিষেধক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2021 1:48 pm
index.jpgkkk

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া(SII)এ প্ৰস্তুত কৰা কৰোনা ভেকচিন কোভিডশীল্ডৰ মূল্য নিৰ্ধাৰণ কৰিছে।

প্ৰতিষ্ঠানটোৱে আজি অৰ্থাৎ বুধবাৰে প্ৰকাশ কৰা অনুসৰি কোভিডশীল্ড ভেকচিনৰ মূল্য ৰাজ্যসমূহৰ চৰকাৰী হস্পিতালৰ বাবে ৪০০ টকা আৰু ব্যক্তিখণ্ড হস্পিতালৰ বাবে ৬০০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে কেন্দ্ৰ চৰকাৰে মাত্ৰ ১৫০ টকাতে লাভ কৰি থাকিব ভেকচিনটো।

চিৰামৰ মতে কোভিডশীল্ড ভেকচিন এতিয়াও বিদেশী ভেকচিনতকৈ কম ব্যয়বহুল। প্ৰতিষ্ঠানটোৰ মতে বিদেশী ভেকচিনবোৰ মূল্য হৈছে ৭৫০টকাৰ পৰা ১৫০০ টকা।

উল্লেখ্য যে কেন্দ্ৰৰ নতুন নীতি অনুসৰি প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ভেকচিনটোৰ ৫০% কেন্দ্ৰৰ বাবে সংৰক্ষিত কৰা হ’ব আৰু বাকী ৫০% ৰ পৰাহে ৰাজ্য চৰকাৰ তথা বেচৰকাৰী খণ্ডৰ হস্পিতালসমূহে ভেকচিন ক্ৰয় কৰিব পাৰিব।

১৮ বছৰ উৰ্ধৰ বয়সৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰিবলৈ চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতে অতিৰিক্তভাৱে ১.২ মিলিয়ন ড’জ ভেকচিনৰ প্ৰয়োজন হ’ব বুলি প্ৰকাশ কৰিছে চেৰামে।

চেৰামে নিৰ্ধাৰণ কৰা কোভিডশীল্ডৰ নতুন নিৰিখ অহা ১ মে’ৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে।