বিশ্বনাথ ঘাটত সেউজ বিশ্বনাথৰ উদ্যোগত ক’ভিড সম্পৰ্কীয় ব্যতিক্ৰমী সজাগতা অনুষ্ঠান

নৱ বৰ্ষক আদৰাৰ প্ৰস্তুতি তুংগত। ক’ভিড মহামাৰীৰ বাবে নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত আনন্দ উল্লাস হ্ৰাস পাইছে যদিও আংশিকভাৱে উদযাপনৰ বাবে সাজু হৈছে সকলো।
সমান্তৰালকৈ লকডাউনৰ বাবে বহু মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয়ৰ পাঠদান পুনৰ নতুন বৰ্ষৰ আৰম্ভণিৰ লগে আৰম্ভ হ’ব।
ইতিমধ্যে এই ক্ষেত্ৰত পুনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত আৰম্ভ হৈছে ক’ভিড টেষ্ট প্ৰক্ৰিয়া।
কিন্তু বিগত বহু মাহ ধৰি বিদ্যালয়লৈ নোযোৱা ছাত্ৰ-ছাত্ৰী সকল পুনৰ নতুন বৰ্ষৰ আৰম্ভণিৰ লগে লগে বিদ্যালয়মুখি হোৱাৰ লগতে ক’ভিড মহামাৰীৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰে বিশ্বনাথ ঘাটৰ নৱ গঠিত “সেউজ বিশ্বনাথ” নামৰ সামাজিক অনুষ্ঠানে।
গুপ্তকাশী বিশ্বনাথ ঘাটস্থিত বিশ্বনাথ প্ৰাথমিক বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ ড০ ভূপেন হাজৰিকা জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত হোৱা সজাগতা সভাৰ লগতে মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।
অনুষ্ঠানত সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি নগন্য সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত সহযোগ কৰে দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই।
বিশেষকৈ দুটাকৈ স্থানত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ভিডিঅ’ বাৰ্তা।
ক’ভিড মহামাৰীৰ পৰা নিজকে সুৰক্ষিত ৰাখি কেনেকৈ সুচাৰুৰূপে পাঠদান গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বিষদভাৱে ভিডিঅ’ যোগে বাৰ্তা প্ৰেৰণ কৰে বিশ্বনাথ ঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ সুশান্ত খাৰঘৰীয়াই।
উল্লেখ্য যে পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুয়োখন বিদ্যালয়ত পূৰ্ণ সহযোগতি আগবঢ়ায় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।
গুপ্তকাশী বিশ্বনাথ ঘাটৰ নৱ গঠিত সেউজ বিশ্বনাথৰ উদ্যোগত ইতি পূৰ্বে বহু সামাজিক অনুষ্ঠান আয়োজন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে।
দুয়োখন বিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সেউজ বিশ্বনাথৰ সভাপতি কাজি জেইদুল ইছলাম, সম্পাদিকা শিল্পী মণি দাস, সদস্যবৃন্দ ক্ৰমে বিদ্যুৎ দাস, পৰশমণি বৰঠাকুৰ, পিংকুল হাজৰিকা, স্নিগ্ধা বৰকটকী, অমৃত দাস, বিতু মণি দাস, দেৱৰ্শী বৰঠাকুৰ, মিন্তু চাহু আৰু দেৱাশীষ দাস উপস্থিত থাকে।