NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত বাংলাদেশৰ প্ৰধান মন্ত্ৰীকে ধৰি ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মহাত্মা গান্ধীলৈ শ্ৰদ্ধা অৰ্পন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2019 4:07 pm
Mahatma Gandhi UNHQ

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী বৰ্ষ উপলক্ষে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত কৰা এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনা, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইন আৰু ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধান এণ্টানিঅ’ গুটেৰেজে মহা মানৱ গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে।

অনুষ্ঠানত, জামাইকাকে ধৰি আন বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলে অংশ লৈ গান্ধীজীৰ আদৰ্শৰ ওপৰত আলোকপাত কৰে।

‘গান্ধীজীৰ প্ৰাসংগিকতা’ শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰি কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইনে দক্ষিণ কোৰিয়াত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় মহাত্মা গান্ধীক তেওঁলোকৰ দেশত শান্তিৰ মহান শিক্ষক হিচাপে গণ্য কৰি অহা হৈছে বুলি উল্লেখ কৰে।

আনহাতে, বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শান্তি আৰু একতাৰ বাবে মহাত্মা গান্ধীক এগৰাকী বিশ্ব নেতা হিচাপে অভিহিত কৰে।

বাংলাদেশে মহাত্মা গান্ধীৰ আদৰ্শ আগত ৰাখিয়ে অহিংস নীতিৰে স্বাধীনতাৰ পথত আগবাঢ়িছিল বুলিও তেওঁ কয়।

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানে পাকিস্তানী একনায়কত্ববাদৰ পৰা শান্তি প্ৰিয় বঙালী সকলক মুক্তি দিয়াৰ অৰ্থে আৰম্ভ কৰা আন্দোলনৰ অনুপ্ৰেৰণাও মহাত্মা গান্ধীৰ জীৱন দৰ্শনৰ পৰাই লাভ কৰিছিল বুলি হাছিনাই মত প্ৰকাশ কৰে।

তদুপৰি, বাংলাদেশত এতিয়াও ১৯৪৬ চনতে স্থাপন হোৱা গান্ধী আশ্ৰমত মহাত্মা গান্ধীৰ জীৱন দৰ্শনৰ চৰ্চা কৰা বুলি উল্লেখ কৰি হাছিনাই ৰাষ্ট্ৰসংঘত ভাৰতৰ এনে উদ্যোগৰ বাবে প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত ভাৰতৰ তৰফৰ পৰা স্থাপন কৰা সৌৰ শক্তি প্ৰকল্প মুকলি কৰে।