NORTHEAST NOW (Assamese)
অসম

যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস গঢ়িলে ভাৰতীয় কন্যাই; ৭খনৰ ৭খন ফাইনেলতেই জিকিলে স্বৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 11:44 am
Indian youth players

যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় কন্যাসকলে ইতিহাস গঢ়িলে। সাতটা বিভাগৰ ফাইনেল অৱতীৰ্ণ সাতোগৰাকী বক্সাৰে জয় কৰিলে স্বৰ্ণ পদক।

পোলেণ্ডত আআইবিএয়ুথ মেনছ এণ্ড ওমেনছ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ মহিলাৰ ১০টা ৱেট কেটেগুৰিৰ ভিতৰত সাতটাত ফাইনেললৈ পায় ভাৰতৰ সাতগৰাকী মহিলা বক্সাৰে আৰু সাতোগৰাকীয়ে চেম্পিয়ন হয়।

লাইট ফ্লাইৱেট (৪৮-৫১ কেজি) শাখাৰ ফাইনেলত গীতিকাই পোলেণ্ডৰ নাতালিয়া ডমিনিকাক ৫-০ ব্যৱধানত পৰাজিত কৰে।

ফ্লাইৱেট (৪৮-৫১কেজি) শাখাৰ ফাইনেলত নওৰেম চানুৱে ৰাছিয়াৰ ভেলেৰিয়া লিংকোভাক ৫-০ ব্যৱধানত পৰাজিত কৰে।

ফেডাৰৱেট (৫৪-৫৭কেজি) শাখাৰ ফাইনেলত পুনমে ফ্ৰান্সৰ গ্ৰছিক ৫-০ব্যৱধানত পৰাজিত কৰে।

লাইটৱেট (৫৭-৬০ কেজি) শাখাৰ ফাইনেলত ভিংকাই কাজাখিস্তানৰ ছায়াখমেতোভাক পৰাজিত কৰে।

ৱেল্টাৰৱেট (৬৪-৬৯ কেজি) শাখাৰ ফাইনেলত অৰুন্ধতি চৌধুৰীয়ে পোলেণ্ডৰ বাৰবাৰাক পৰাজিত কৰে।

মিডলৱেট (৬৯-৭৫কেজি) শাখাৰ ফাইনেলত সানামাচা চানুৱে কাজাখিস্তানৰ  ডানা ডিডেক পৰাজিত কৰে।

সেইদৰে, হেভিৱেট (৮১+ কেজি)শাখাৰ ফাইনেলত আলফিয়া পাঠানে মলডোভাৰ ডাৰিয়া কোজোৰেজক পৰাজিত কৰে।

আনহাতে, যুৱকসকলৰ বেন্টমৱেট (৫৬কেজি) শাখাৰ ফাইনেললৈ উত্তীৰ্ণ হৈছে শচীন। এতিয়া ভাৰতীয় কন্যাসকলৰ স্বৰ্ণ জয়ৰ অনুপ্ৰেৰণাৰে তেওঁ চেম্পিয়নহ’ব পাৰে নে নাই সেয়া লক্ষ্যণীয় হৈ পৰিছে।