NORTHEAST NOW (Assamese)
দেশ

ছত্তীশগড়ৰ বনাঞ্চলত ৭ ঘন্টা ধৰি গুলীয়াগুলী : সেনাৰ গুলীত নিহত ৭ মাওবাদী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 12, 2024 4:34 pm
ছত্তীশগড়ৰ বনাঞ্চলত ৭ ঘন্টা ধৰি গুলীয়াগুলী : সেনাৰ গুলীত নিহত ৭ মাওবাদী

বৃহস্পতিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত মাওবাদী আৰু সেনাৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। দুইপক্ষৰ মাজত প্ৰায় ৭ ঘন্টা ধৰি৯ গুলীয়াগুলী চলে।

এই সংঘৰ্ষত সেনাৰ গুলীত ৭জন মাওবাদী সদস্যৰ মৃত্যু হয়।

জানিব পৰা মতে, বৃহস্পতিবাৰে আৰক্ষী আৰু চি আৰ পি এফে নাৰায়ণপুৰ জিলাৰ আবুঝমাৰৰ বনাঞ্চলত অভিযান চলায়।

পুৱা প্ৰায় ১০ বজাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে কয় যে ৭ ঘন্টা ধৰি মাওবাদীৰ সৈতে অবিৰতভাৱে বন্দুকৰ যুদ্ধ চলি আছে। এই সংঘৰ্ষত ৭ জন মাওবাদী সদস্যৰ মৃত্যু হৈছে।