NORTHEAST NOW (Assamese)

ছত্তীশগড়ৰ বনাঞ্চলত তুমুল সংঘৰ্ষ, নিৰাপত্তাৰক্ষীৰ হাতত নিহত ৭জন মাওবাদী

May 24, 2024 7:14 am · এন ই নাও নিউজ, গুৱাহাটী
ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযান। ফাইল ফটোঃ সংগ্ৰহীত।

ছত্তীশগড়ত পুনৰ নিৰাপত্তাবাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। নাৰায়ণপুৰ আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই ৭জন মাওবাদীক নিহত হয়। জানিব পৰা মতে, অঞ্চলটোত এতিয়াও সংঘৰ্ষ অব্যাহত আছে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ৭টা আগ্নেয়াস্ত্ৰ।

বাতৰি মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত অঞ্চলটোত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়াগুলি আৰম্ভ হয়। নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জনায় যে ইতিমধ্যে অঞ্চলটোত মাওবাদী আত্মগোপন কৰি থকাৰ তথ্য পোৱা গৈছিল। আৰু সেই খবৰৰ ভিত্তিত অভিযান আৰম্ভ হয়। তাতেই তীব্ৰ সংঘৰ্ষ চলে। এই অভিযানৰ সবিশেষ পিছত উপলব্ধ হ’ব বুলিও তেওঁ জনায়।

উল্লেখ্য যে মাওবাদী অধ্যুষিত ছত্তীশগড় ৰাজ্যত শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে মাওবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে। এইবাৰকে ধৰি চলিত বছৰত ১১২ জন নক্সালবাদী নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছে। ইয়াৰে ৩০ এপ্ৰিলত নাৰায়ণপুৰ আৰু কাংকেৰ জিলাৰ সীমান্তত সংঘটিত হোৱা এনকাউণ্টাৰত তিনিগৰাকী মহিলাসহ ১০জন মাওবাদীয়ে প্ৰাণ হেৰুৱাইছিল।

ইয়াৰ পূৰ্বে ১৬ এপ্ৰিলত কাংকেৰেত ২৯জন মাওবাদী নিৰাপত্তাৰক্ষীৰ হাতত নিহত  হৈছিল। আনহাতে, ১৩ মে’ত মহাৰাষ্ট্ৰত নিৰাপত্তা বাহিনীৰ অভিযানত ৩ জন লোকৰ মৃত্যু হৈছিল। মহাৰাষ্ট্ৰ আৰক্ষীৰ তথ্য অনুসৰি নিহত লোকসকল নিষিদ্ধ চিপিআই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিএলজিএ (পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মি)ৰ অন্তৰ্গত পেৰিমিলি ডলামৰ সক্ৰিয় সদস্য আছিল। 

Related News