NORTHEAST NOW (Assamese)
অসম

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭৮৫লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 9:17 pm
12 more Covid19 patients die in Assam on Saturday

আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৮৫লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ প্ৰফুল্ল বৰা (৬৪) আৰু মুনীন্দ্ৰ দাস (৪৫), শিৱসাগৰৰ নৱদীপ কোঁৱৰ (৪৩), চৰাইদেউৰ উষাৰাণী ৰায় (৬০), কামৰূপৰ ভৱন বৰুৱা (৬৫), গোলাঘাটৰ মাণিক শইকীয়া (৮৪) আৰু কামৰূপ মহানগৰৰ সুকুমাৰ চন্দ্ৰ চক্ৰবৰ্তী (৭৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ৭৭৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৫৫,০৭৪গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩৩,০৪৭(।)

মুঠ ১,৮৮,৯০২গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।