NORTHEAST NOW (Assamese)

শিৱসাগৰত নতুনকৈ সাতজন কৰ’না পজিটিভ; আটাইকেইজনকে ভৰ্তি কৰা হৈছে হাস্পাতলত

June 1, 2020 6:44 am · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও

ৰাজ্যত কোভিড-১৯ পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। দেওবাৰে নিশা লৈকে ৰাজ্যত ১৩৩৯ গৰাকী কোভিড-১৯পজিটিভ পোৱা গৈছে।

দেওবাৰে শিৱসাগৰ জিলাৰ ৭ জন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে। এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰে পাঁচজন ব্যক্তি শিমলুগুৰি, চণ্টক আৰু গেলেকীৰ বুলি জানিব পৰা গৈছে।

এই আটাইকেইজন ব্যক্তি নাজিৰা গড়গাঁৱৰ কোৱাৰেন্টাইন চেন্টাৰত থকা বুলি জানিব পৰা গৈছে।

আনহাতে, এজন আমগুৰি আৰু এজন সাপেখাটী কোৱাৰেন্টাইন চেন্টাৰত থকা বুলি জানিব পৰা গৈছে।

নাজিৰা কোৱাৰেন্টাইন চেন্টাৰত থকা ব্যক্তিকেইজন চেন্নাই পৰা অসমলৈ ২৭ মে’ত আহিছিল।

আটাইকেইজন ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছিল ২৭ মে’ত।

দেওবাৰে ডিব্ৰুগড়ৰ লহোৱালস্থিত আইচিএমআৰৰ পৰা অহা পৰীক্ষাৰ ফলাফলত শিৱসাগৰৰ সাতজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

ইতিমধ্যে আটাইকেইজন ব্যক্তিকে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related News