NORTHEAST NOW (Assamese)

উজনি অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ সংক্ৰান্তত ১৭ গৰাকী লোকক আটক

January 27, 2020 8:54 pm · অভিক চক্ৰবৰ্তী

২৬ জানুৱাৰি অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা উজনি অসমৰ বিভিন্ন ঠাইত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটনাৰ সংক্ৰান্তত সোধা পোচাৰ বাবে আৰক্ষীয়ে আজি ১৭ গৰাকী লোকক আটক কৰিছে।

১৭ গৰাকীৰ ভিতৰত ১০ গৰাকীক ডিব্ৰুগড় আৰক্ষীয়ে আৰু ৭ গৰাকী লোকক চৰাইদেউ জিলা আৰক্ষীয়ে আটক কৰে।

‘এই ঘটনাৰ সংক্ৰান্তত এই পৰ্যন্ত ১৭ গৰাকী লোকক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে। আলফাই স্বীকাৰ কৰা বোমা বিস্ফোৰণৰ সৈতে এইলোক জড়িত আছে নেকি সেই সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে’। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা জনায়।

উল্লেখ্য যে দেওবাৰে পুৱা উজনি অসমৰ পাঁচটা স্থানত কম ক্ষমতাসম্পন্ন বিস্ফোৰণ সংঘটিত হৈছিল।

ডিব্ৰুগড়ত আস্থা হাস্পাতলৰ সমীপত আৰু গুৰুদ্বাৰাৰ ওচৰৰ এ টি ৰোডৰ লগতে দুলীয়াজান, ডুমডুমা আৰু সোণাৰিতো কম ক্ষমতাসম্পন্ন বিস্ফোৰণ সংঘটিত হৈছিল।

উজনি অসমত সংঘটিত বোমা বিস্ফোৰণৰ আঁৰত আলফা স্বাধীন জড়িত থকা বুলি প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৱে জানিবলৈ দিছিল।

Related News