NORTHEAST NOW (Assamese)
অসম

কোভিড হটস্পটত পৰিণত সংসদ ভৱন, সহস্ৰাধিক কৰ্মচাৰী আক্ৰান্ত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 24, 2022 4:51 pm

বাজেট অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন। এনে সময়তে কোভিড হটস্পটত পৰিণত হৈছে সংসদ ভৱন।

ৰাজধানী দিল্লীত কোভিডৰ সংহাৰ চলি আছে। কালান্তক কোভিডে এইবাৰ পুনৰ সংসদ ভৱনত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে।

বাজেট অধিৱেশনৰ পূৰ্বে সংসদ ভৱনৰ সহস্রাধিক কৰ্মচাৰী কোভিডত আক্ৰান্ত হৈছে।

সংসদ ভৱনৰ সূত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে

কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ পিছত সংসদত কমেও ৮৭৫ জন কৰ্মচাৰীয়ে কোভিড-১৯ত আক্ৰান্ত হৈছে।

শেহতীয়াকৈ সংসদত প্ৰায় ২,৮৪৭ গৰাকী কৰ্মচাৰীৰ  কোভিডৰ পৰীক্ষা কৰোৱা হৈছে। ইয়াৰ ভিতৰত ৮৭৫ জনৰ  ২০ জানুৱাৰীলৈকে কোভিড পজিটিভ পোৱা গৈছে।

বাজেট অধিৱেশন ৩১ জানুৱাৰীত আৰম্ভ হ’ব আৰু ইয়াৰ প্ৰথম অংশ ১১ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব।

ৰাজ্যসভা সচিবালয়তো কোভিডে ত্ৰাসৰ সৃষ্টি কৰিছে।

ৰাজ্য সভাৰ ৯১৫ গৰাকী কৰ্মচাৰীৰ কোভিড পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁলোকৰ মাজৰে ২৭১ গৰাকীৰ পজিটিভ পোৱা গৈছে।

কোভিডৰ বিগত দুয়োটা ঢৌৰ সময়তো সংসদ ভৱনৰ বহু কৰ্মচাৰী কোভিডত আক্ৰান্ত হৈছিল।